হিন্দু বাংলাদেশীৰ নাগৰিকত্ব:: কংগ্ৰেছত তীব্রতৰ হৈছে গৃহ কন্দল


বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ থকা কংগ্ৰেছৰ ভিতৰচ'ৰাতে এতিয়া সৃষ্টি হৈছে তীব্র কন্দল হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বিধেয়কখনক লৈ। খোদ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ লগতে প্রদেশ কংগ্ৰেছে বিধেয়কখনৰ বিৰুদ্ধে স্থিতি গ্রহণ কৰাৰ পাছতো নেতৃত্বৰ এনে স্থিতিৰ বিপৰীতে থিয় দিছে বৰাকৰ কংগ্ৰেছী নেতা। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিধেয়কখনৰ পক্ষত থিয় দিয়া বাবেই প্রদেশ কংগ্ৰেছে উত্তৰ কৰিমগঞ্জৰ কংগ্রেহী বিধায়ক কমলাক্ষ দে’ পুৰাকায়স্থক জবাবদিহি কৰিছে। উল্লেখ্য যে কালি বিধায়ক কমলাক্ষ দে’য়ে হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ সমৰ্থনত মন্তব্য প্রকাশ কৰাৰ লগতে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈকো তীব্র ভাষাৰে সমালোচনা কৰিছিল। বিধায়কজনে সংবাদ মাধ্যমত ইয়াকে উল্লেখ কৰিছিল যে তৰুণ গগৈ বিগত পোন্ধৰ বছৰে মুখ্যমন্ত্রী হৈ থকা সময়ত বৰাক উপত্যকা ভ্ৰমণৰ সময়ছোৱাত হিন্দু বাংলাদেশীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি কৈছিল। আনকি ২০১৬ চনৰ বিধানসভা নির্বাচনৰ আগত তথা শিলচৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাতো প্রাক্তন মুখ্যমন্ত্রীজনে এই কথা উল্লেখ কৰিছিল। কিন্তু এতিয়া তেওঁ বিপৰীত কথা কৈছে। এনেবােৰ কথা তেওঁ দলৰ স্বর্থত নহয়, পুত্ৰৰ স্বর্থতহে কৈছে। কমলাক্ষ দে’ৰ এনে মন্তব্যক লৈ শলঠেকত পৰা কংগ্ৰেছে এতিয়া বিষয়টােক ঢাকিবলৈ কমলাক্ষ দে’ৰ মন্তব্য ব্যক্তিগত বুলি কোৱাৰ লগতে দলে তেওঁৰ মন্তব্যক লৈ ব্যৱস্থা গ্রহণ কৰিব বুলি উল্লেখ কৰিছে। দলৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন মন্ত্রী প্ৰদ্যুৎ বৰদলৈয়ে এই সন্দৰ্ভত কয় যে কমলাক্ষ দে’ৰ মন্তব্য দলৰ মন্তব্য নহয়, কংগ্ৰেছ অসম চুক্তিৰ প্ৰতি দায়বদ্ধ। বিধায়ক দে’ক ইতিমধ্যে তেওঁৰ মন্তব্যৰ বাবে জবাবদিহি কৰা হৈছে। 


Share on Google Plus

About Unknown

0 comments:

Post a Comment