হিন্দু বাংলাদেশীৰ সংস্থাপন বিজেপিৰ এজেণ্ডা ::মন্ত্রী ৰণজিৎ দত্ত



কেবিনেট মন্ত্রী ৰণজিৎ দত্তই অসমত হিন্দু বাংলাদেশী নাগৰিকক সংস্থাপনৰ ক্ষেত্ৰত এইবাৰ কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে । মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই কালি মন্ত্রী দত্তই সংবাদ মাধ্যমৰ আগত কয়— ‘অসমত হিন্দু বাংলাদেশী নাগৰিকক সংস্থাপন বিজেপিৰ এজেণ্ডা। বিজেপিৰ কর্মসূচীত এই কথা উল্লেখ আছে। অসমত এতিয়া মুছলমানৰ জনবিস্ফোৰণ ঘটিছে। এয়া অসমৰ বাবে ভৱিষ্যতে ভয়াৱহ অন্ধকাৰ নমাই অনাটো নিশ্চিত হৈ পৰিছে। এনে হ’লে ভৱিষ্যতে অসমৰ শাসনভাৰ মুছলমানৰ হাতলৈ যাব। অসমৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থতেই বিজেপিয়ে বহু কথা চিন্তা কৰিছে। হিন্দু বাংলাদেশী ইচ্ছুক লৈ যি হাৰত দল-সংগঠনসমূহে আন্দােলন কৰিছে বা বিৰােধিতা কৰিছে, প্রকৃততে বিৰােধিতা কৰাৰ দৰকাৰ নাই। আমাৰ দলৰ স্থিতিত আমি অটল। আমাৰ লক্ষ্য অসমৰ ভৱিষ্যৎ সুৰক্ষিত কৰা।”









Share on Google Plus

About Unknown

0 comments:

Post a Comment