অসমৰ সংবাদ জগতখনত বিশাল শূন্যতাৰ সৃষ্টি কৰি ইহ সংসাৰৰ পৰা মেলানি মাগিলে বিশিষ্ট সাংবাদিক, সাহিত্যিক তিলক হাজৰিকাই৷ বিগত এমাহ ধৰি গুৱাহাটীৰ জি এন আৰ চি হস্পিটেলত চিকিৎসাধীন হৈ থকা বিশিষ্ট সাংবাদিকগৰাকীৰ 96 বছৰ বয়সত যোৱা নিশা প্রায় 12-50 বজাত মৃত্যু হয়৷ পঞ্চাছৰ দশকৰ পৰাই সক্রিয় সাংবাদিকতাৰ সৈতে জড়িত হৈ মৃত্যুৰ আগ মুহূর্তলৈকে সক্রিয় সাংবাদিকতাৰ সৈতে জড়িত থাকি অসমৰ সংবাদ জগতখনক সমৃদ্ধ কৰা তিলক হাজৰিকাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্র ৰাজ্য৷ অসমৰ সংবাদ জগতৰ মহীৰূহ তিলক হাজৰিকাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নিশাৰ ভাগতেই জি এন আৰ চি হস্পিটেলত ভিৰ কৰে বহু সাংবাদিকৰ লগতে তেখেতৰ বহু গুণমুগ্ধই৷ 1921 চনৰ 3 অক্টোবৰত নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰী গাঁৱত জন্মগ্রহণ কৰা তিলক হাজৰিকা নতুন অসমীয়াৰ যোগেদি সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল৷ 1949 চনত নতুন অসমীয়াত সহকাৰী সম্পাদক হিচাপে যোগদান কৰা তিলক হাজৰিকাই 1957 চনত অসম বাণীত সহকাৰী সম্পাদক হিচাপে যোগদান কৰে আৰু 1980 চনত অসম বাণীৰ সম্পাদকৰ দায়িত্ব গ্রহণ কৰে৷ 1987 চনত তেখেতে অসম বাণীৰ পৰা অৱসৰ লোৱাৰ পাছত 1989 চনত সাদিনৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্রহণ কৰে৷ মৃত্যুৰ সময়লৈকে তিলক হাজৰিকাই সাদিনৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰিছিল৷ অসমীয়া প্রতিদিন কাকতৰ প্রতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্রহণ কৰা অসমৰ সংবাদ জগতৰ মহীৰূহ, বটবৃক্ষ স্বৰূপ তিলক হাজৰিকা কেৱল সাংবাদিক হিচাপেই পৰিচিত নাছিল৷ তেখেতে নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যকো সমৃদ্ধ কৰিছিল৷ ৰামধেনু যুগৰ পৰা সাহিত্যৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা তিলক হাজৰিকাই নিজৰ ৰম্য ৰচনাৰে অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল৷ ফণীশ্বৰ নাথ ৰেণুৰ গল্প সংকলনক অসমীয়া ভাষালৈ অনুবাদ কৰা ‘ফণীশ্বৰ নাথ ৰেণুৰ শ্রেষ্ঠ কাহিনী’ শীর্ষক অনুবাদ গল্প সংকলনৰ বাবে 1996 চনত তেখেতে সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰিছিল৷ ইয়াৰ লগতে বিশিষ্ট সাংবাদিকগৰাকীয়ে 2001 চনত অসম সাহিত্য সভাৰ লক্ষ্মীনাথ ফুকন সাংবাদিকতা বঁটা লাভ কৰিছিল৷ এসময়ত কলিয়াবৰৰ কুঁৱৰীটোল উঃ মাঃ বিদ্যালয়ত শিক্ষকতা কৰা তিলক হাজৰিকাৰ সৃষ্টিৰাজিৰ ভিতৰত আড্ডা, কত কথা, আবেলিৰ ছাঁ আদি অন্যতম৷ আজি বিশিষ্ট সাংবাদিকগৰাকীৰ নশ্বৰদেহ তেখেতৰ বাসগৃহ, সাদিন-প্রতিদিন কাকতৰ কার্যালয়লৈ নিয়াৰ লগতে আছাম ট্রিবিউন-অসম বাণীৰ কার্যালয়, প্রতিদিন টাইমৰ কার্যালয়, গুৱাহাটী প্রেছ ক্লাবলৈ নিয়া হয়৷ বহু সাংবাদিক, সাহিত্যিক, বিশিষ্ট ব্যক্তিয়ে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ প্রতি শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ বিশিষ্ট সাংবাদিকগৰাকীয়ে পত্নী, কন্যাসহ অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷ দুপৰীয়াৰ ভাগত নৱগ্রহ শ্মশানত সাংবাদিকগৰাকীৰ শেষকৃত্য ৰাজ্যিক মর্যাদাৰে সম্পন্ন হয়৷ ইফালে, নৱগ্রহ শ্মশানতে বিশিষ্ট সাংবাদিকগৰাকীলৈ শেষ শ্রদ্ধা জনায় ৰাজ্যৰ বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে৷
ইহ সংসাৰৰ পৰা মেলানি মাগিলে বিশিষ্ট সাংবাদিক, সাহিত্যিক তিলক হাজৰিকাই::ৰাজ্য জুৰি শোক

0 comments:
Post a Comment