অনলাইন শপিং আপুনি কৰে নেকি? তেন্তে এতিয়াৰ পৰা অলপ সাৱধান হওক। কাৰণ ইণ্টাৰনেটত চকুত লগা অফাৰ দিয়া প্রতিষ্ঠানৰ হাতত ৰামঠগন খাইছে গ্রাহকে। বুক মই অফাৰত এটা পোৱাৰবেংকৰ অৰ্ডাৰ দিছিল চানমাৰিৰ চন্দন বৰুৱা নামৰ গ্ৰাহকজনে। কিন্তু ডিটিভিচি কুৰিয়াৰত গ্রাহকজনলৈ আহিল এডাল লোৰ টুকুৰা। প্রথমবাৰ এঘাৰশ টকা ভৰি লোৰ টুকুৰা ভুৱা প্রতিষ্ঠানটােৰ ঠগবাজি ধৰিবলৈ পুনৰ একে সামগ্ৰীৰ অৰ্ডাৰ দিছিল গ্রাহকজনে । কিন্তু শুকুৰবাৰে পুনৰ কুৰিয়াৰ ছাৰ্ভিচ যোগে চন্দনে পালে আন এডালৰ লোৰ টুকুৰা। অৱশ্যে এইবাৰ কুৰিয়াৰ ছাৰ্ভিচৰ কৰ্মচাৰীৰ সন্মুখতেই টোপোলাটাে খুলি কর্মচাৰীজনকে আটক কৰি ৰাখে। যি সময়ত নিৰাপত্তাৰ স্বাথত আৰক্ষীয়ে কটকটীয়া কৰিছে তালাচী, সেই সময়ত ডিটিডিচিৰ দৰে আগশাৰীৰ কুৰিয়াৰ ছাৰ্ভিচত স্কেনিং যন্ত্রত কিয় ধৰা নপৰিল লোৰ টুকুৰা। সমগ্ৰ বিষয় গাপ দি ভুক্তিভোগী যুৱকজনক মেনেজ কৰিবলৈ উঠিপৰি লাগে কুৰিয়াৰ ছাভিচ প্রতিষ্ঠানটাে। অৱশ্যে এই সংক্রাস্তুত ভুক্তিভোগীজনে বুক মই আফাৰ নামৰ ভুৱা প্রতিষ্ঠানটোৰ বিৰুদ্ধে চানমাৰি আৰক্ষীয়ে গোচৰদিয়াত তদন্ত চলাব বুলি জানিবলৈ দিয়ে চানমাৰি থানাৰ ভাৰপ্রাপ্ত বিষয়া হৃদয় কলিতাই।
Home / অনলাইন শ্বপিং
/ অনলাইন শ্বপিং কৰোতে সাৱধান:: বুক মই আফাৰ নামৰ ভুৱা প্রতিষ্ঠানটোৰ গ্ৰাহকক প্ৰতাৰণা
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment