ফাৰহান আহমেদ ::
২০০৮ চনৰ ৩০ অক্টোবৰৰ কথা, যি ৩০ অক্টোবৰ মঙলবাৰে এদল নৰপিশাচে ধাৰাবাহিক বোমা বিস্ফোৰণেৰে ৰাঙলী কৰিছিল। গুৱাহাটীৰ ৰাজপথ। কোনেও কেতিয়াও কল্পনা কৰিব নোৱৰা এক ভয়ংকৰ উগ্রপাই আক্রমণে কঁপাই গৈছিল সমগ্ৰ ৰাজ্য। বহু নিৰীহ লোকে প্রাণ হেৰুৱাইছিল সেই আক্ৰমণত। কোনোবাই যদি নিজ পিতৃমাতৃ অথবা ভাতৃ-ভগ্নীক হেৰুৱাইছিল আন কোনোবাই হেৰুৱাইছিল নিজৰ আত্মীয়-স্বজন অথবা বন্ধু-বান্ধবীক। সেই বিভীষিকাময় দিনটোক স্মৰণ কৰি প্ৰতি বছৰে ৩০ অক্টোবৰৰ দিনটোক অসমবাসীয়ে ক’লা দিৱস হিচাপে পালন কৰি সেই আক্ৰমণত নিহতসকললৈ শ্রদ্ধাঞ্জলি জনাই আহিছে।
কিন্তু এইবাৰ অলপ আউল লাগিল। যিহেতু অহা ৩০ অক্টোবৰ তাৰিখে পৰিছে পোহৰৰ উৎসৱ দীপাৱলী ৷ চাৰিওফালে ফটকা-আতচবাজীয়ে পোহৰাই তুলিব। কিন্তু প্রশ্ন এটাই – ক’লা দিৱসৰ বেদনা নে দীপান্বিতাৰ আনন্দ ? দীপাৱলীৰ আনন্দৰ মাজতে আমি পাহৰি যাম নেকি ৩০ অক্টোবৰৰ নিহতসকলক শ্রদ্ধাঞ্জলি জনাবলৈ ? যিহেতু ক’লা দিৱস আৰু দীপাৱলী দুটা সম্পূর্ণ বিপৰীত। এটাত নিহিত হৈ আছে দুখ-বেদনা আৰু ভয়, আনটােত আছে আকৌ অনাবিল আনন্দ। মাজত মাত্ৰ কেইটামান দিন বাকী সেই দিনটোলৈ। ৩০ অক্টোবৰক লৈ বিভিন্ন মহলত ইতিমধ্যে চর্চা আৰম্ভ হৈছে। তাকে লৈ একাংশ ৰাইজ বিমোৰত পৰা যেন পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত সমগ্ৰ অসমবাসীলৈ এটাই আহ্বান, ফটিকা নহয় সকলোৱে এগছি বন্তি জুলাই ৩০ অক্টোবৰৰ নিহতসকললৈ শ্রদ্ধাঞ্জলি জনাওক। নিহতসকললৈ জনোৱা শ্রদ্ধাঞ্জলিতকৈ দীপান্বিতাৰ আনন্দ কেতিয়াও উধ্বত হ’ব নোৱাৰে।
0 comments:
Post a Comment