নগা গায়কৰ এলবাম গ্ৰেমী এৱাৰ্ডৰ বাবে মনোনীত ::




নগা নতুন প্রজন্মৰ প্রতিভাসম্পন্ন গায়ক জেমছ বেছ'নেটে নিৰলস সংগীত সাধনাৰে সম্প্রতি নাগালেণ্ড তথা খ্ৰীষ্টান সংগীতৰ ক্ষেত্ৰখনলৈ এক বিৰল গৌৰৱ আৰু সন্মান কঢ়িয়াই আনিছে । সমসাময়িক বিশ্ব খ্রীষ্ট ধর্মীয় সংগীতলৈ নিজৰ সৃষ্টিশীল সংগীতৰ সৃষ্টি “ৰিফ্রেজ’ এলবামৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২০১৭ বৰ্ষৰ গ্ৰেমী এৱাৰ্ডৰ মনােনয়ন লাভ কৰিছে। জেমছ বেছনেট হৈছে নাগালেণ্ডৰ সংগীত জগত তথা আন্তঃৰাষ্ট্ৰীয় খ্রীষ্টান সংগীতৰ এগৰাকী সংগীতজ্ঞ, গীতিকাৰ তথা ক’হিমা ফেইথ হাভেষ্টি চাৰ্চৰ প্রার্থনা নেতা। গ্ৰেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰাৰ সন্দৰ্ভত জেমছে সংবাদ মাধ্যমক সদৰী কৰা মতে বিশ্ব সংগীতৰ এই সন্মানীয় গ্ৰেমী এৱাৰ্ডৰ বাবে এইবাৰ বিশ্বৰ বিভিন্ন দেশৰ সংগীত শিল্পীৰ প্ৰায় বাইশ হেজাৰ এলবাম মনোনয়নৰ বাবে প্ৰেৰণ কৰা হৈছিল, যদিও ইয়াৰ ভিতৰত মাত্ৰ কেইশমান এলবাম হৈ পৰৱতী ৰাউণ্ডলৈ নির্বাচিত হৈছে। ইয়াৰ ভিতৰত জেমছৰ ৰিফ্ৰেজ এলবামটো খ্ৰীষ্টান সংগীতৰ গ’ছপেল শাখাত মনোনয়ন লাভ কৰিছে। উল্লেখ্য যে ৰিফ্ৰেজ এলবামত মুঠ বাৰটা গীত আছে আৰু আটাইকেইটা গীত দুবছৰ পূর্বে কহিমাৰ ক্লেফ এছেম্বুল ষ্টুডিঅ'ত বাণীবদ্ধ কৰা হৈছে। ২০১৭ চনৰ ফেব্ৰুৱাৰীত আমেৰিকাৰ গ্ৰীমি এৱার্ড শিল্পীগৰাকীৰ নাম ঘোষণা কৰা হয়।

Share on Google Plus

About Unknown

0 comments:

Post a Comment