ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্রতিশোধ লোৱাৰ ষড়যন্ত্র আই এছ আইৰ::চোৰাংচোৱাৰ প্ৰতিবেদনত প্রকাশ



পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে পাকিস্তান- অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীৰ অস্থায়ী ঘাটসমূহত ভাৰতে কৰা ছাৰ্জিকেল ষ্ট্রাইকৰ (নির্দিষ্ট আক্ৰমণ) প্রতিশোধ ল’বৰ বাবে নতুন ষড়যন্ত্ৰ ৰচনা কৰিছে। চোৰাংচোৱাৰ প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। আই এছ আয়ে লস্কৰ-ই-টিয়াবা, জৈছ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনৰ দৰে সন্ত্রাসবাদী সংগঠনক ভাৰতত কাশ্মীৰৰ বাহিৰত ভয়াৱহ আক্ৰমণৰ দায়িত্ব দিছে। আনহাতে, কাশ্মীৰত চোৰাংচোৱা সংস্থাটােৱে লোৱা ষড়যন্ত্ৰৰ দায়িত্ব দিছে পাকিস্তান-অধিকৃত কাশ্মীৰৰ মুজাফফৰাবাদত ঘাটি পাতি থকা সন্ত্রাসবাদী সংগঠন আল-উমৰ মুজাহিদীনৰ মুৰব্বী মুস্তাক জাৰগৰাক। উল্লেখযোগ্য যে জাৰগৰ এয়াৰ ইণ্ডিয়াৰ বিমান এখন অপহৰণ কৰাৰ পাছত কান্দাহাৰত ভাৰতে মুকলি কৰি দিয়া সন্ত্রাসবাদীকেইটাৰ অন্যতম আছিল। আই এছ আয়ে কাশ্মীৰত জাৰগৰৰ প্ৰভাৱ থকাৰ সুযোগ ল’বলৈ বিচৰা বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে। চোৰাংচোৱা সংস্থাটােৱে কৰা নতুন চক্রান্ত অনুসৰি ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰতিশোধ ল’বৰ বাবে ইতিমধ্যে অতর্কিতে আক্রমণ কৰা, কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ পৰা অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নি তেওঁলোকক আক্রমণ কৰাৰ দৰে চ ত্ৰমান্ত কৰিছে | চোৰাংচোৱাৰ মতে সন্ত্রাসবাদীয়ে আৰক্ষী বাহিনীৰ পৰা অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিস্ক্রিয় হৈ পৰা আল-ওমৰ মুজাহিদীন, হৰকত উল মুজাহিদীন, হৰকত উল আনছাৰ, আল বদৰ, ইখৱান উল মুজাহিদীন আৰু আল জেহাদ ফ’ৰ্চৰ দৰে সন্ত্রাসবাদী সংগঠনক পুনৰ সক্রিয় কৰি তোলা হ’ব। চােৰাংচােৱাৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি কাশ্মীৰত বর্তমান ২৫০টা সন্ত্রাসবাদী সক্রিয় হৈ আছে। ইয়াৰ ভিতৰত ১০৭টা সন্ত্রাসবাদী স্থানীয়। আই এছ আয়ে সন্ত্রাসবাদীয়ে নিৰাপত্তা বাহিনীক

নিয়াত অধিক গুৰুত্ব আৰোপ কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment