ম’ষ্ট ৱাণ্টেড জেহাদী জাহিদুলৰ আশ্ৰয়ৰ সন্ধানত কলকাতাৰ এছ টি এফৰ দল জেহাদী জাহিদুল ইছলাম ওৰফে জাবিৰুল ইছলামৰ আশ্ৰয়ৰ সন্ধানত নামি পৰিছে কলকাতাৰ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ আৰক্ষীৰ দল। বৰপেটা জিলাৰ সৰুক্ষেত্রী সমষ্টিৰ অন্তর্গত ভক্তৰডবা অঞ্চলত থাকি জেহাদীজনে দীর্ঘদিনে ৰাষ্ট্রবিৰােধী কার্যকলাপ চলাই আহিছিল। বর্ধমান-কাণ্ডৰ পিছতে সৰুক্ষেত্রী অঞ্চলৰ পৰা নিৰুদ্দেশ হােৱা জেহাদীজনক কিছুদিন পূর্বে কলকাতাৰ পৰা অহা এছ টি এফৰ এটা দলে কাছাৰৰ পৰা গ্রেপ্তাৰ কৰিৰিছ। জেহাদী জাহিদুল ইছলামে সৰুক্ষেত্রী অঞ্চলৰ নলীগাঁৱৰ ইদ্রিছ। আলীৰ ঘৰত দীর্ঘদিনে ভাৰাতীয়া হিচাপে থাকি ৰাষ্ট্রবিৰােধী কার্যকলাপ চলাই আছিল। জেহাদীজনে সৰুক্ষেত্রী অঞ্চলত বাহৰ পাতি থকা কালছোৱাত ইদ্রিছ আলীৰ লগতে আৰু কাৰ ঘৰত আশ্রয় আৰু কোন কোন মানুহৰ সৈতে সম্পর্ক ৰক্ষা কৰি চলিছিল তাৰ সন্ধানত নামি পৰিছে। আজি কলকাতাৰ পৰা এছ টি এফৰ তিনিজনীয়া দল এটাই সৰ্থেবাৰী থানাত উপস্থিত হয়। দলটােৱে সৰ্থেবাৰী থানাৰ আৰক্ষীৰ জিন্মাত থকা জেহাদী জাহিজুলক সর্বতোপ্ৰকাৰে সহায় কৰা মৌলানা আব্দুছ চত্তৰ মিএগ্রক সাধাৰণভাৱে সোধ-পোছাও কৰে। এই তথ্য সদৰী কৰিছে বৰপেটা আৰক্ষীৰ এক উচ্চস্তৰীয়া সূত্রই। সূত্ৰটােৱে সদৰী কৰা মতে— কলকাতাৰ এছ টি এফৰ দলটােৱে সৰ্থেবাৰী আৰক্ষীক লগত লৈ জেহাদী জাহিদুলক ভুৱা পুত্ৰ হিচাপে দেখুৱাই অসমৰ ভোটাৰ তালিকাত নাম সোমোৱাত সহায় কৰা ছাপাৰবড়ী গাঁৱৰ কাজিমুদ্দিনৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকসকলকো সোধ-পোছা কৰে। আৰক্ষীৰ দলটােৱে জাহিদুল আশ্রয় লোৱা বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন লোককো সোধা-পোছা কৰে। আনহাতে, এছ টি এফৰ দলটােৱে জাহিদুলৰ আশ্রয় সন্দৰ্ভত সন্ধান কৰিবলৈ নলীগাঁও, ছাপাৰবড়ীলৈ যায়। সৰ্থেবাৰী থানাত বন্দী হৈ থকা বিতর্কিত মৌলানাগৰাকীকো আজি বজালী মহকুমা আৰক্ষী বিষয়াই লগত লৈ যোৱা বুলি আৰক্ষীৰ এটা সূত্রই জানিবলৈ দিছে। জেহাদীটােৰ আশ্রয় সন্ধানত তদন্ত কৰিবলৈ অহা কলকাতাৰ আৰক্ষীৰ দলটোৱে জেহাদীটাে সন্দৰ্ভত কি তথ্য লাভ কৰিলে, সেয়া জানিব পৰা হােৱা নাই।
জেহাদী জাহিদুলৰ সন্ধানত সৰুক্ষেত্রীত নামিছে কলকাতাৰ আৰক্ষীৰ দল

0 comments:
Post a Comment