ভাৰতীয় সেনাৰ হাতত ১৫জন পাক সেনা নিহত::সীমান্তত উত্তেজনা


জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধবিৰতি উলংঘনেৰে উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰি থকা পাকিস্তানী সেনাক সমুচিত প্রত্যুত্তৰ দিছে ভাৰতীয় সেনাই। ৰাজ্যখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এল অ’ চিৰ ভাৰতীয় চকী আৰু সাধাৰণ নাগৰিকৰ বসতিস্থললৈ গুলীবর্ষণ আৰু মর্টৰ বােমা নিক্ষেপ কৰা পাকিস্তানী সেনাক ভাৰতীয় সেনাই গুলীৰে প্রত্যুত্তৰ দিয়াত ১৫জন পাক সেনা নিহত হৈছে। বি এছ এফৰ অতিৰিক্ত সঞ্চালকপ্রধান অৰুণ কুমাৰে কয় যে জম্মুকাশ্মীৰৰ এল অ' চিত যুদ্ধবিৰতি উলংঘন কৰি থকা পাকিস্তানী সেনাক গুলীৰে প্ৰত্যুত্তৰ দিয়াত ভাৰতীয় বি এছ এফৰ গুলীত ১৫জন পাক সেনা নিহত হৈছে। জম্মু অঞ্চলত সীমান্তৰ সিপাৰৰ পৰা হােৱা গুলীবর্ষণৰ প্ৰত্যুত্তৰ দিয়াত পাকিস্তানী সেনা ১৫জন নিহত হােৱাৰ লগতে এই গুলীবর্ষণৰ ফলত দুজন ভাৰতীয় অসামৰিক লোকৰ প্রাণহানিৰ উপৰি দুজন আহত হয়। ৰাজ্যখনৰ জম্মু, কথুবা, পুঞ্চ আৰু ৰাজৌৰী জিলাৰ এল অ' চিত সাধাৰণ নাগৰিকৰ বসতিস্থল আৰু ভাৰতীয় বি এছ এফৰ চকীত স্বয়ংক্রিয় অস্ত্ৰৰে গুলীবর্ষণ আৰু মৰ্টাৰ বোমা নিক্ষেপ কৰি আহিছে পাকিস্তানী ৰেঞ্জাৰ্ছে। কালি পুৱা ৫.২০ বজাৰ পৰা কথুবা জিলাৰ হীৰানগৰ আৰু চাম্বা অঞ্চলত পাকিস্তানী সেনাই প্ৰৰােচিতভাৱে গধুৰ অস্ত্ৰৰে গুলীবর্ষণ আৰু মৰ্টৰ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। ২৪টা বি এছ এফ চকীৰ অন্তর্গত অঞ্চলত আজি পুৱা পাঁচ বজালৈ পাকিস্তানী সেনাৰ গুলীৰ প্ৰত্যুত্তৰ দি ভাৰতীয় বি এছ এফে ১৫জন পাক সেনাক হত্যা কৰে আৰু পাক সেনাৰ কেইবাটাও চকী সম্পূর্ণ ধ্বংস কৰাৰ লগতে আন কেইবাটাৰো ক্ষতি কৰে। ইপিনে পাকিস্তানী সেনাৰ গুলীত পালানৱালাৰ খীৰত এজন ভাৰতীয় অসামৰিক লোকৰ প্ৰাণহানি হয়। আন এগৰাকী ৫০ বছৰীয়া মহিলাৰাে মৃত্যু হয় পুঞ্চ জিলাৰ মেন্ধৰ তেহছিলৰ গোহলাড় গাঁৱত। এই অঞ্চলতে এজন লোকো পাকিস্তানী সেনাৰ গুলীত আহত হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment