চীনা পতাকা আৰু কেতবোৰ আপত্তিজনক নথিপত্র জম্মু-কাশ্মীৰৰ বাৰা মূলা জিলাত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত সন্ত্রাসবাদীৰ ঘাটিৰ পৰা উদ্ধাৰ হৈছে । জম্মু-কাশ্মীৰৰ সন্ত্রাসবাদীৰ ঘাটিৰ পৰা প্রথমবাৰৰ বাবে চীনা পতাকা উদ্ধাৰ হােৱাৰ লগতে নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানটোত পাকিস্তানী পতাকা, লস্কৰ-ই-তৈবা আৰু জইচ-ই-মহম্মদৰ লেটাৰ পোডা, অবৈধ ম’বাইল ফোন আৰু পেট্ৰ’ল বোমা উদ্ধাৰ কৰা হয়। কালি উত্তৰ কাশ্মীৰৰ পুৰণি বাৰা মুলা চহৰৰ ৭০০ পুৰণি গৃহত সেনা, বি এছ এফ. চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে অভিযান চলাই সন্ত্রাসবাদী কার্যকলাপত জড়িত থকাৰ অপৰাধত ৪৪জন লোকক গ্রেপ্তাৰ কৰে। সন্ত্ৰাসবাদীক সহায় কৰাৰ বাবে ৪৪ জন লোকক গ্রেপ্তাৰ কৰা অভিযানটোত নিৰাপত্তা বাহিনীক সহায় কৰা বাবেই বাৰামুলাৰ এছ এইচ অ’ক ভাবুকি প্রদান এছ. এইচ অ’ক ভাবুকি প্রদান কৰাৰ পাছতেই অঞ্চলটােত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। পুৰণি বাৰা মুলা চহৰত সন্ত্রাসবাদীৰ ঘাটি উচ্ছেদ কৰা সন্দৰ্ভত এছ এছ পি ইমতিয়াজ হুছেইনে সাংবাদিকক কয় যে সন্ত্রাসবাদী লুকাই থকাৰ সম্ভেদ লাভ কৰাৰ পাছতেই অঞ্চলটোত অভিযান চলোৱা হৈছিল। উক্ত অঞ্চলটোত জইচ-ই- মহম্মদৰ কিছুসংখ্যক সন্ত্রাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পাছতেই সন্ত্রাসবিৰোধী অভিযান চলোৱা হয়। সেনা, বি এছ এফ, চি আৰ পি এফ আৰু ৰাজ্যৰ আৰক্ষীয়ে যৌথভাৱে চলোৱা এই অভিযানৰ সময়ত সন্ত্রাসবাদীৰ আশ্রয়স্থলী বুলি পৰিচিত ১০টা স্থান, বিশেষকৈ কাজিহামাম, গনাইহামাম, তাৱিদগুঞ্জ আৰু জামিয়াত ঘৰে ঘৰে সন্ত্রাসবাদী বিচাৰি তালাচী চলোৱা হয়। লক্ষণীয় যে এই অভিযানৰ সময়ত সাধাৰণ নাগৰিকক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আৰক্ষীয়ে আহ্বান জনাইছিল।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment