'দুচমান চিকাৰ, হাম চিকাৰী” ::ভাৰতীয় সেনাৰ হৈ পৰিছে একমাত্র কর্তব্য মন্ত্র




 ভাৰতীয় সেনা জোৱানসকলৰ বাবে 'দুচমান চিকাৰ, হাম চিকাৰী” পাকিস্তানী সেনাৰ দ্বাৰা বাৰম্বাৰ যুদ্ধবিৰতি চুক্তি উলংঘা হােৱা অতি স্পর্শকাতৰ নিয়ন্ত্রণ ৰেখাত হৈ পৰিছে একমাত্র কর্তব্য মন্ত্র। সীমাৰ সিপাৰৰ শত্ৰুৰ আক্রমণ ৰােধৰ বাবে জোৱানসকলক প্রতি মুহুর্ততে সষ্টম আৰু উদ্ধৃদ্ধ কৰি ৰখাৰ চেষ্টা অব্যাহত ৰখা হৈছে। তাৰ বাবে পাইন গছসমূহত আঁৰি দিয়া হৈছে 'দুচমান চিকাৰ, হাম চিকাৰী” শীর্ষক বাক্য লিখা থকা প্লাইব’ৰ্ড, যাতে ব’ৰ্ডাৰ একচন টীম আৰু অনুপ্ৰৱেশৰ চেষ্টা চলোৱা পাক সমর্থনপুষ্ট সন্ত্রাসবাদীক ৰােধৰ বাবে প্রতি মুহুর্ততে উদ্ধৃদ্ধ হৈ থাকে জোৱানসকল।। সীমান্তৰ পেট্ৰ’লিং ট্ৰেকৰ দুয়োকাষে থকা পাইন গছসমূহত আঁৰি দিয়া এই প্লাইব’ৰ্ড সন্দৰ্ভত স্নাইপাৰ  সিঙে (নাম সলনি কৰা হৈছে) কয়— নিয়ন্ত্রণৰেখাৰ সিপাৰে খাপপিটি থকা শ শ সন্ত্রাসবাদীক বধ কৰিবলৈ মই চিকাৰী হৈ সাজু হৈ আছোঁ। আমি এনে মূলমন্ত্ৰৰেই কর্তব্য পালন কৰি যোৱাত প্ৰতিজ্ঞাবদ্ধ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment