চার্জিকেল অভিযান:: ডিনাৰ পাৰ্টী এৰি ৱাৰ ৰূমত ৰচিছিল ব্লুপ্রিন্ট



ভাৰতৰ চার্জিকেল অভিযানৰ সকলো পৰিকল্পনা বুধবাৰৰ নিশা ৮ বজাতে সম্পূর্ণ কৰা হৈছিল। এই অভিযান বৃহস্পতিবাৰে পুৱা ১২.৩০ বজাৰ পৰা ৪.৩০ বজালৈকে মুঠ ৪ ঘণ্টা ধৰি চলিছিল।দিল্লীত থকা ভাৰতীয় সেনাৰ মুখ্য কার্য্যালয়তে সম্পূৰ্ণ হৈছিল এই অভিযানৰ ব্লুপ্রিন্ট | কিন্তু এই অভিযানৰ বাবে প্ৰতিৰক্ষা মন্ত্রী মনোহৰ পাৰিকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু সেনা প্রধান দলবীৰ সিং মুহাগে এটা ডিনাৰ পাৰ্টী বর্জন কৰিছিল। সেইদিনা নতুন দিল্লীত হােৱা উপকূলৰক্ষী “ডিনাৰ পাটীত এওঁলোক উপস্থিত থাকিব বুলি সকলোৱে আশা কৰিছিল। কিন্তু তেওঁলোকে এই ‘ডিনাৰ পাটীৰ লোভ সামৰি সেনাৰ মুখ্য কার্যালয়ৰ ৱাৰ ৰূমত সন্ত্রাসবাদীক নিঃশেষ কৰাৰ সম্পূর্ণ পৰিকল্পনা সম্পূর্ণ কৰে আৰু ২৫ জনীয়া কমাণ্ডোৰ দলক প্রেৰণৰ সিদ্ধান্ত লয়। পাকিস্তানক কঠোৰ প্ৰত্যুত্তৰ দিবলৈকে এই সকলোবোৰ কৰা হৈছিল বুলি দলবীৰ সিং সুহাগে পিছত প্রকাশ কৰে।






Share on Google Plus

About Unknown

0 comments:

Post a Comment