পাকিস্তানৰ প্রধান বিৰোধী দল পাকিস্তান পিপলছ পাটিয়ে (পি পি পি) প্রধানমন্ত্রী নৱাজ শ্বৰীফক ভাৰতৰ বিৰুদ্ধে কূটনৈতিক যুঁজত চৰকাৰে হাৰ মনাৰ লগতে নিজৰ দেশক ৰক্ষা কৰাত ব্যর্থ হােৱা বুলি ক্ষুৰধাৰ সমালোচনা কৰিছে । সংসদৰ যুটীয়া অধিৱেশনৰ তৃতীয় দিনা তাৰ মাজতে কালি সর্বসন্মতভাৱে কাশ্মীৰ সন্দৰ্ভত এটা প্রস্তাৱ গ্ৰহণ কৰা হয়। বিদেশ পৰিক্ৰমা বিষয়ত প্রধানমন্ত্ৰীৰ উপদেষ্টা চার্তাজ আজিজে উত্থাপন কৰা কাশ্মীৰ প্ৰস্তাৱত উৰি আক্ৰমণত পাকিস্তান জড়িত বুলি ভাৰতে অনা অভিযোগ অস্বীকাৰ, কাশ্মীৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ ৰূপায়ণ আৰু নিৰাপত্তা পৰিষদৰ হস্তক্ষেপৰ দাবী, পাকিস্তানক কূটনৈতিকভাৱে নিঃসংগ কৰাৰ বাবে ভাৰতে চলোৱা প্রচেষ্টাক গৰিহণা, পাকিস্তানৰ কূটাঘাতী কার্যকলাপত ভাৰতৰ পৃষ্ঠপোষকতাক নিন্দা আদি বিষয়ে স্থান লাভ কৰে। চিনেটৰ তাজ হাইদৰে সংসদত বক্তব্য ৰাখি কয়— আমি আমাৰ স্থিতিৰ পৰা এক মিলিমিটাৰো চু্যত হােৱা উচিত নহয়। আন এগৰাকী চিনেটৰ ড° জি জি জামালে অভিযোগ কৰে যে ভাৰতে যুদ্ধৰ পৰিবেশ সৃষ্টি কৰি কাশ্মীৰত ভাৰতে চলাই থকা ৰাষ্ট্র সন্ত্ৰাসৰ পৰা বিশ্ববাসীৰ মনোযোগ আঁতৰাই ৰখাত যত্নপৰ হৈছে। চিনেটৰ কামিল আলী আঘাই আক্ষেপ কৰে— ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ থকাৰ মাজতো, কাশ্মীৰীসকলে প্ৰাণ আহুতি দি থকাৰ পিচতে কাশ্মীৰ বিবাদে আন্তঃৰাষ্ট্ৰীয় মনোযোগ আকর্ষণ কৰাত ব্যর্থ হৈছে। তাৰ আগতে বিতর্কত অংশগ্রহণ কৰি প্রধান বিৰোধী দল পি পি পিৰ জ্যেষ্ঠ চিনেটৰ এটজাজ আহিছানে পাকিস্তানক ৰক্ষা কৰাত ব্যৰ্থ হৈছে বুলি নৱাজ শ্বৰীফ চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বার্ষিক বক্তৃতাত প্রধানমন্ত্রী শ্বৰীফে দেশখনৰ সেনাই আটক কৰা ভাৰতীয় চোৰাংচোৱা কুলভূষণ যাদৱৰ নাম উল্লেখ নকৰাৰ ঘটনাৰ বাবে তেওঁক কটাক্ষ কৰি কয়— “যিদিনাই কুলভূষণ যাদৱৰ নাম প্রধানমন্ত্রী শ্বৰীফে উল্লেখ কৰিব, সেইদিনাই মই দৃষ্টিহীনৰ সংস্থালৈ পঞ্চাশ হেজাৰ টকা দান হিচাপে আগবঢ়াম।’ পি পি পিৰ আন এগৰাকী চিনেটৰ শ্বেৰী ৰেহমানে প্রশ্ন কৰে- “কি কাৰণত পাকিস্তান ফেডাৰেচনৰ বিৰুদ্ধে দীর্ঘদিনে চলা আক্ৰমণৰ প্ৰত্যুত্তৰ দিব পৰা নাই?” ভাৰতৰ ওপৰত দ্বিতীয়টো সন্ত্রাসবাদী আক্রমণ সংঘটিত হ’লে পাকিস্তানে বেলুচিস্তান হেৰুৱাব লাগিব বুলি ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কৰা মন্তব্য সন্দৰ্ভত ৰেহমানে প্রশ্ন কৰে- “এই কথা ক’বলৈ ভাৰতৰ নিৰাপত্তা উপদেষ্টাগৰাকী কোন ? পাকিস্তান ফেডাৰেচন সন্দৰ্ভত এজন ভাৰতীয়ই মাত মাতিবলৈ ক’ত সাহস পালে?” “সমগ্র বিশ্বৰ আগত সন্ত্রাসবাদৰ বাবে আমাক ভাৰতে জগৰীয়া কৰাটাে দুৰ্ভাগ্যজনক’ বুলি মত পোষণ কৰি ৰহমানে পুনৰ কয়— মার্কিন যুক্তৰাষ্ট্র ইতিমধ্যে তেওঁলোকৰ মিত্ৰ হৈ পৰিছে। তাত (ভাৰতত) ইতিমধ্যে যুক্তৰাষ্ট্রই ঘাটি স্থাপন কৰিছে। আফগানিস্তানে ইতিমধ্যে আমাক দোষাৰােপ কৰিছেই।” সংসদৰ যুটীয়া বিৰােধীৰ আক্ৰমণত ইতিমধ্যে নিশচুপ হৈ পৰিছে প্রধানমন্ত্রী নৱাজ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment