আজিৰ সমাজত নাৰী সুৰক্ষাৰ প্রয়োজনীয়তা কিমান, সেই সম্পর্কে বিভিন্নজনে বিভিন্ন সময়ত মন্তব্য আগবঢ়াই আহিছে৷ প্রত্যেকদিনাই বাতৰিকাকতৰ শিৰোনাম দখল কৰা নাৰী ধর্ষণ, নাৰী কেলেংকাৰি, নাৰী নির্যাতন ইত্যাদিৰ বাতৰি আমি পঢ়িবলৈ পাওঁ৷ যিমানে নাৰী সমাজৰ ওপৰত হত্যা, অত্যাচাৰ, নির্যাতন চলি আহিছে, সিমানে নাৰী বিষয়ক সুৰক্ষা, শিক্ষা আৰু সজাগতামূলক বক্তৃতা আদিবোৰ অনর্থক যেন বোধ হয়৷ কাৰণ বক্তৃতা দি বা বাতৰিকাকতত নাৰী সুৰক্ষাৰ নিশ্চিতি সম্পর্কে যিবোৰ আদর্শমূলক প্রসংগ দাঙি ধৰা হয় সেই সকলোবোৰে আজিৰ যুগত নাৰী সমাজত ঘটি থকা সমস্যাবোৰৰ সমাধান কৰিব নোৱাৰে৷ বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে এগৰাকী নাৰী অসৎ চৰিত্রৰ পুৰুষৰ দ্বাৰা নির্যাতিত হয়৷ কিন্তু সকলোৱে নিজৰ লগত হোৱা ঘটনাবোৰ প্রকাশ কৰিবলৈ ভয় কৰে, জানোচা তেওঁক কোনোবাই অসৎ চৰিত্রৰ মহিলা বুলি ভাবে৷ কিন্তু আমি প্রত্যেকগৰাকী নাৰীয়ে এই বিষয়ত সচেতন হ’ব লাগে৷ এগৰাকী নাৰী যেতিয়া বিপদত পৰে তেতিয়া অসহায় হৈ পৰে আৰু সেই সময়ত তেওঁক নিৰাপদ তথা সুৰক্ষিত স্থানৰ প্রয়োজনীয়তা আহি পৰে৷ কিন্তু দুখৰ বিষয় যে সেই নিৰাপদ স্থান বুলি ভবা ঠাইখিনিও কেতিয়াবা অসুৰক্ষিত বা নিৰাপদ নহয় বুলি জনা যায় আৰু ন্যায়ৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা নহয়৷ নাৰী নির্যাতনৰ ক্ষেত্রত দিল্লীৰ পিছতে অসমে দ্বিতীয় স্থান দখল কৰিছে৷ এইটো অতি পৰিতাপৰ বিষয়৷ বর্তমান নাৰী সুৰক্ষাৰ যিখন আইন বলৱৎ হৈছে সেইখন কিমান কার্যকৰী হৈছে সেই বিষয়ে ক’বলৈ অসুবিধা৷ কিন্তু এই আইনখনে নাৰীৰ বাবে যিখিনি সহায়-সহযোগিতা আগবঢ়াইছে সেয়া লক্ষণীয়৷ এগৰাকী নাৰী হিচাপে মই ক’ব খোজোঁ– প্রত্যেক ক্ষেত্রত এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ ভাব-ভংগী, মানসিক অৱস্থা বুজাটো নিতান্তই প্রয়োজনীয়৷ জন্মৰ পৰা মৃত্যুলৈকে নাৰীয়ে যিখিনি কষ্ট সহ্য কৰিব লগা হয় সেই কষ্টৰ মূল্যৰ কাৰো সৈতে তুলনা নহয়৷ সকলোতকৈ আচৰিত কথা এইটোৱে যে ইমান অবিচাৰ-অত্যাচাৰ, নির্যাতন সহ্য কৰাৰ পিছতো নাৰীয়ে সদায়েই পুৰুষক ভক্তি আৰু বিশ্বাস কৰি আহিছে৷ আজিৰ যুগত নাৰীৰ ওপৰত যি হিংসা, নির্যাতন, ধর্ষণ চলাই অহা হৈছে, সেই বিষয়ে প্রতিবাদ কৰিলেই বা আলোচনা-চক্র পাতিলেই সমস্যাৰ সমাধান নহয়৷ এগৰাকী নাৰীক সন্মান কৰিবলৈ শিকা উচিত৷ নাৰীক সহজলভ্য বুলি নাভাবি সন্মান আৰু শ্রদ্ধা কৰা উচিত৷[উৎস :: দৈনিক জনমভূমি ]
নাৰীক সহজলভ্য বুলি নাভাবি সন্মান আৰু শ্রদ্ধা কৰা উচিত

0 comments:
Post a Comment