মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলে কালি প্ৰতিখন জিলাৰ উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰে। ছাত্র সস্থাৰ সদস্যসকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যর্থ ‘চৰকাৰ হায় হায়’, ‘যোগান বিভাগ হুচিয়াৰ’’,
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্রাস কৰক”, শ্লোগান দি উপায়ুক্তৰ কাৰ্যালয় সমূহৰ সন্মুখ উত্তাল কৰি তোলে। ৰাজ্যজুৰি কৰা প্রতিবাদী কাৰ্যসূচীৰ অন্তত ছাত্র সস্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এক বিবৃতিত উল্লেখ কৰে যে মূল্যবৃদ্ধি ৰােধ কৰাৰ প্ৰতিশ্রুতি দি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত মিত্ৰজোট ক্ষমতাত অধিষ্ঠিত হৈছিল। সেয়ে ৰাইজে মূল্যবৃদ্ধি হ্রাস হ’ব বুলি অধিৰ আগ্ৰহেৰে আশা কৰিছিল। কিন্তু হ্রাস হােৱাৰ বিপৰীতে অভাৱনীয় হাৰত মূল্য বৃদ্ধি হােৱাত ইয়াৰ বিৰুদ্ধে আছুৱে বিভিন্ন সময়ত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল। বিবৃতিটােত আছুৰ নেতাদ্বয়ে উল্লেখ কৰে যে নিত্য ব্যৱহার্য সামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰীৰ মূল্য ইমানেই বৃদ্ধি পাইছে যে সাধাৰণ মানুহে জীৱন ধাৰণ কৰাটো এতিয়া এক প্রত্যাহ্বান স্বৰূপ হৈ পৰিছে। চাউল, দাইল, আলু আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ এতিয়া জুই-ছাই দাম। অবৈধ চেকগোট বন্ধ কৰা হ’ব বুলি চৰকাৰখনে ঘোষণা কৰাৰ পাছত সা-সামগ্ৰীৰ মূল্য হ্রাস হ’ব বুলি সাধাৰণ ৰাইজে ভাবি লৈছিল। কিন্তু সম্প্রতি এইক্ষেত্ৰত এখন বিপৰীত ছবিহে পৰিস্ফুট হােৱা বুলি উল্লেখ কৰি মূল্যবৃদ্ধি নিয়ন্ত্রণ নকৰিলে ছাত্র সন্থাই চৰকাৰৰ বিৰুদ্ধে কঠোৰ আৰু ব্যাপক আন্দোলন গঢ়ি তুলিব বুলিও আছু নেতাদ্বয়ে সকীয়াই দিয়ে।

0 comments:
Post a Comment