কাজিৰঙাত ২১ ছেপ্টেম্বৰৰ ভিতৰত উচ্ছেদ কৰা হ’ব তিনিখন গাঁও:: লাভ কৰিব ক্ষতিপূৰণ

স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্রকাশ কৰে যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সুৰক্ষাৰ স্বাৰ্থত ২১ ছেপ্টেম্বৰৰ ভিতৰত তিনিখন গাঁও উচ্ছেদ কৰা হ’ব। 
অৱশ্যে ক্ষতিগ্রস্তসকলে ৪০ দিনৰ ভিতৰত চৰকাৰী নীতি অনুসৰি ক্ষতিপূৰণ লাভ কৰিব। উল্লেখ্য যে কলিয়াবৰ মহকুমাৰ তিনিখনকৈ ৰাজহ গাঁও বান্দৰডুবি, দেওচুৰচাং আৰু পালখোৱা গাঁৱৰ ছয় শতাধিক পৰিয়ালে চৰকাৰৰ উচ্ছেদৰ জননী লাভ কৰাৰ পাছত পৰিয়ালসমূহে দুশ্চিন্তাৰে দিন পাৰ কৰিছিল। ভূক্তভোগী ৰাইজে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ স্বর্থত পৈতৃক সম্পত্তি এৰি দিবলৈ তেওঁলোক সাজু। কিন্তু তেওঁলোকে বিকল্প বসতিস্থলৰ লগতে ক্ষতিপূৰণৰ দাবী তুলি প্রতিবাদী কাৰ্যসূচীও গ্রহণ কৰিছিল। স্মর্তব্য যে কাজিৰঙাৰ সুৰক্ষাৰ বাবে চৰকাৰী ব্যৱস্থাৰে কলিয়াবৰ মহকুমাৰ তিনিখন গাঁৱক প্রশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছিল। ইয়াৰ পাছতে ক্ষতিগ্রস্তক যথােপযুক্ত ক্ষতিপূৰণৰ দাবী তুলি বিভিন্ন দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী গ্ৰহণৰ লগতে স্মাৰক-পত্ৰ প্ৰদান কৰিছিল। দিনে-নিশাই চৰম হতাশাত ভূগি থকা ছয় শতাধিক পৰিয়ালে আজি চৰকাৰে গ্ৰহণ কৰা যথোপযুক্ত পদক্ষেপে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment