কাশ্মীৰত শ্ৰীনগৰৰ পৰা ১০২ কিলোমিটাৰ নিলগৰ বাৰামুল্লা জিলাৰ উৰি চহৰৰ সেনাৰ ব্রিগেডৰ মুখ্য কার্যালয়ৰ সমীপতে থকা সেনাৰ শিবিৰত কালি সন্ত্রাসবাদীয়ে আক্রমণ চলোৱাত ১৭ জোৱান শ্বহীদ হােৱাৰ লগতে ৩০জন গুৰুতৰভাৱে আহত হয়। উৰিৰ সেনাবাহিনীৰ শিবিৰত আক্রমণ চলোৱা চাৰিওটা সন্ত্রাসবাদী সেনাৰ হাতত নিহত হয়। চিৰবৈৰী চুবুৰীয়া ৰাষ্ট্র পাকিস্তান মদতপুষ্ট জইছ-ই- মহম্মদৰ চাৰি সশস্ত্ৰ সন্ত্রাসবাদীয়ে উৰিৰ সেনাৰ শিবিৰত প্ৰৱেশ কৰি জধেমধে গ্রেনেড নিক্ষেপ কৰাৰ লগতে প্রচণ্ড গুলীবর্ষণ কৰে। ডোগ্ৰা ৰেজিমেন্টৰ এটি গোটে কর্তব্য সমাপন কৰি আন এটি গোটক দায়িত্ব চমজাই তন্তু আৰু অস্থায়ীভাৱে নির্মিত গাঁথনিত শুই থকা অৱস্থাতে চাৰি সন্ত্রাসবাদীয়ে ভয়াৱহ আক্রমণ চলোৱাত গ্রেনেড বিস্ফোৰিত হৈ তস্কৃত জুই লাগে আৰু ইয়াৰ সমান্তৰালকৈ সন্ত্রাসবাদীকেইটায়াে গুলীচালনা কৰি থকাত ১৭জনৰ প্রাণহানি হয় আৰু ৩০জন আহত হয়। প্রায় চাৰি ঘণ্টা ধৰি আক্রমণকাৰী সন্ত্রাসবাদীকেইটাৰ বিৰুদ্ধে সেনাই অভিযান চলাই আক্রমণকাৰীকেইটাক গুলীয়াই হত্যা কৰে। সন্ত্রাসবাদীৰ ভয়াৱহ আক্ৰমণত প্ৰাণ হেৰুওৱা ১৭ গৰাকী শ্বহীদাৰ প্রতি ছেলুটি জনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আক্ৰমণত জড়িতসকলক ৰেহাই দিয়া নহ’ব বুলি মন্তব্য কৰে। আনহাতে, কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙে পূর্বনির্ধাৰিত ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ স্থগিত ৰাখি উৰিৰ সন্ত্রাসবাদী আক্ৰমণ আৰু ৰাজ্যখনৰ সম্পর্কে আলোচনা কৰিবলৈ উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয়। সন্ত্রাসবাদীৰ ভয়াৱহ আক্রমণ সংঘটিত হােৱাৰ কিছু ঘণ্টা পাছতেই সেনাবাহিনীৰ মুৰব্বী জেনেৰেল দলবীৰ সিং সুহাগ কাশ্মীৰত গৈ উপস্থিত হয়।
Home / শ্বহীদ হ’ল ১৭ জোৱান
/ কাশ্মীৰত সেনাবাহিনীৰ শিবিৰত ভয়ংকৰ আক্রমণ:: শ্বহীদ হ’ল ১৭ জোৱান::নিহত ‘জে-ই-এম’ৰ ৪ দুর্ধর্ষ সদস্য
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment