বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাক ‘সংবাদ সূর্য' সন্মান প্রদান



বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাক গুৱাহাটীৰ সমীপৰ আজাৰা সভাঘৰত সদৌ অসম সাংবাদিক সন্থা [আজু ]ৰ সভাপতি ভোলানাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিপুলভাৱে সম্বর্ধনা জনােৱাৰ লগতে ‘সংবাদ সূর্য উপাধিৰে সন্মানিত কৰা হয়। সম্বর্ধনা গ্রহণ কৰি দিয়া ভাষণত ভূঞাই আজুৰ বিগত ২৫টা বৰ্ষৰ কাৰ্যাৱলীৰ ওপৰত মন্তব্য কৰি কয় যে অসমৰ জ্বলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত আপােচহীনভাৱে আজুৱে মাত মাতি আহিছে।এই সভাতেই বিশিষ্ট চিকিৎসক তথা সমাজসেৱক ডাঃ হৰিচৰণ মেধি, জ্যেষ্ঠ সাংবাদিক শিৱচৰণ কলিতা আৰু ৰজত বৈশ্যক বিপুলভাৱে সম্বর্ধনা জনোৱা হয়।এই সভাতেই জাতীয়তাবাদৰ 3 ধবজাবাহক একাংশ শিক্ষক, - সাংবাদিক, সাহিত্যিকে সস্তানক অসমীয়াৰ পৰিৱর্তে ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ মানসিকতা ভাষা, সংস্কৃতি বিপন্ন হােৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য কৰে বিশিষ্ট এ সাংবাদিক হাইদৰ হুছেইনে ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment