দূৰদৰ্শন এটি যন্ত্ৰ
**************
2 চেপ্তেম্বৰত মুক্তি পোৱা এইখন অসমীয়া চিনেমা সম্পৰ্কে অঞ্জন জ্যোতি নাথৰ এক বিশেষ লেখা.......
**************
2 চেপ্তেম্বৰত মুক্তি পোৱা এইখন অসমীয়া চিনেমা সম্পৰ্কে অঞ্জন জ্যোতি নাথৰ এক বিশেষ লেখা.......
অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ এক দীৰ্ঘদিনীয়া অভিযোগ আছিল।
গতি, সাৱলীল অভিনয়, সহ শিল্পীৰ সুন্দৰ সহযোগ, মডুলেচন, সুন্দৰ আৱহ সংগীত, সুন্দৰ চিনেমেটোগ্ৰাফী আৰু আটাইতকৈ প্ৰয়োজনীয়- এটি সুন্দৰ সঁচা সঁচা যেন লগা মনত বহি যোৱা চিন্তাৰ খোৰাক যোগোৱা কাহিনী। হয় সকলোবিধ উপদানৰ অভাৱে অসমীয়া চলচিত্ৰ উদ্যোগৰ বাবে প্ৰতিখন চিনেমা প্ৰদৰ্শনৰ পিছতে আমাৰ দৰে চিত্ৰৰসিকক যোৱা প্ৰায় দহ-বাৰ বছৰে হতাশ কৰি আহিছিল।

মূল যুটিত তাৰকাশিল্পী যতিন বৰা আৰু প্ৰস্তুতি পৰাশৰৰ অভিনয় বিষয়ে নতুনকৈ ক'বলগীয়া একো নাই। কোনোদিনেই এই যুটিয়ে যাক বলিউডৰ শ্বাহৰুখ-কাজলৰ লগত তুলনা কৰি অহা এই দুই শিল্পীয়ে আমাক কোনোদিনেই নিৰাশ কৰা নাই। 'দূৰদৰ্শন এটি যন্ত্ৰ'ৰ অন্যতম প্ৰধান সম্পদ হৈছে প্ৰত্যেক গৰাকী সহ অভিনেতা আৰু অভিনেত্ৰীৰ সাৱলীল অভিনয়। সহশিল্পীৰ এনেকুৱা টীমৱৰ্ক অন্তঃত মোৰ মনত নপৰে বহু দূৰ দূৰলৈ। কোনো ধৰণৰ অতি নাটকীয় নাই। নাই কাৰোৱে জঠৰতা। প্ৰায় কেইখনেই ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অসমীয়া চিনেমাৰ চিনাকি মুখ। লগতে 'চাৰপ্ৰাইজ পেক' হিচাপে আছে হিমাংশু দাস আৰু প্ৰণামী বৰাৰ দূৰ্দান্ত অভিনয়। এটি গুৰুত্বপূৰ্ণ কিন্তু কম পৰিসৰৰ চৰিত্ৰত স্বৰ্গীয় লক্ষী বৰঠাকুৰদেৱৰ অভিনয় আমাৰ মনত সাঁচ বহুৱাই গ'ল। সম্ভৱত এয়া তেখেতৰ অন্তিমখন চিনেমা আছিল।
মৌচম গগৈৰ সংগীত একেবাৰে উচ্চখাপৰ নহ'লেও মধ্যমীয়া। আৱহ সংগীত বিশেষকৈ জুবিন গাৰ্গৰ 'হামিং' অতি উচ্চমানৰ।
সুমন দুৱৰাৰ কেমেৰাৰ কাম বিগত দিনবোৰৰ আন চিনেমাবোৰৰ দৰেই চকুত লগা। ৰাজেশ ভূঞাৰ পৰিচালনা অন্য এক সম্পদ চিনেমাখনৰ বাবে। প্ৰত্যেক গৰাকী অভিনয় শিল্পীৰ পৰা সুন্দৰ অভিনয় আদায় কৰাত তেখেত এশ শতাংশই সফল।
কিন্তু চিনেমাখনৰ আচল তাৰকা হিমাংশু প্ৰসাদ দাস। অপেছাদাৰী নাট্য ৰসিকৰ বাবে এক চিনাকী নাম। NSD ৰ স্নাতক এই নামটোৱেই যেন সঁচা অৰ্থত এক আশাৰ বতৰা কঢ়িয়াই আনিলে অসমীয়া চিত্ৰ জগতৰ বাবে। তেখেতৰ মঞ্চ সফল নাট 'এখন গাওঁত এটা টিভি আছিল'ৰ আধাৰত ৰচিত 'দূৰদৰ্শন এটি যন্ত্ৰ'ৰ চিত্ৰনাট্য। শান্তনু ৰৌমৰীয়া আৰু দাসৰ দ্বাৰা ৰচিত আকৰ্ষণীয় গতিশীল চিত্ৰনাট্যই হ'ল চিনেমা খনৰ চালিকা শক্তি। বিশেষকৈ হাস্যৰস ভৰা দৃশ্য সমূহ ইমান সুন্দৰকৈ ফুটাই তুলিছে! যোৱা কেইবা বছৰ ধৰি অসমীয়া চিনেমাৰ এই দিশটোৱে আমাক হতাশ কৰি আহিছিল। হিমাংশু দাসে আমাৰ দৰে সকলোৰে বাবেই এক সুখৰ বতৰা লৈ আহিছে। তেখেতে অনাগত দিনবোৰত যেন আৰু বহুত ভাল কাহিনী আৰু চিত্ৰনাট্য যেন আমাক উপহাৰ দিয়ে।
নব্বৈৰ দশকৰ আগৰ আমাৰ প্ৰজন্মৰ প্ৰত্যেক গৰাকী দৰ্শকক যে চিনেমাখনে নষ্টালজিক কৰি তুলিব সেয়া নিশ্চিত।
নব্বৈৰ দশকৰ আগৰ আমাৰ প্ৰজন্মৰ প্ৰত্যেক গৰাকী দৰ্শকক যে চিনেমাখনে নষ্টালজিক কৰি তুলিব সেয়া নিশ্চিত।
0 comments:
Post a Comment