ভাৰতত ফেচবুক ব্যৱহাৰ কৰা মহিলাৰ সংখ্যা বহু কম;; মাত্র ২৪শতাংশ

ছ’চিয়েল মিডিয়াৰ জগতখনত সমগ্ৰ বিশ্বতে নাৰীয়ে বিশেষ আধিপত্য দেখুৱাই পুৰুষক সংখ্যালঘুত পৰিণত কৰিছে। কিন্তু আমাৰ দেশত এই ছবি ওলোটা। ভাৰতত ফেচবুক ব্যৱহাৰ কৰা মহিলাৰ সংখ্যা হৈছে মাত্র ২৪শতাংশ।অর্থাৎ এক চতুর্থাংশ।ব্রিটেইনৰ এটা কনছালটেন্সী সংস্থা ইউ অ্যাৰ ছ’চিয়ে শেহতীয়াকৈ প্রকাশ কৰিছে এই তথ্য। সংস্থাটোৰ মতে, সমগ্ৰ বিশ্বতে জনপ্রিয়তাৰ শীৰ্ষত থকা ছ’চিয়েল নেটৱৰ্ক ছাইট ফেচবুকৰ জনপ্রিয়তা ভাৰত বা এছিয়াৰ দেশসমূহত শেহতীয়া সময়ছােৱাত বাঢ়িছে যদিও নাৰী সমাজ এতিয়াও তাৰ অংশীদাৰ হ’ব পৰা নাই। ভাৰতত মুঠ ব্যৱহাৰকাৰীৰ ২৪ শতাংশ মহিলা হােৱাৰ বিপৰীতে বাংলাদেশত এই পৰিসংখ্যা ২৩ শতাংশ আৰু পাকিস্তানত মাত্ৰ ২০ শতাংশ। তথ্য অনুসৰি, ২০১৫ চনত ছ’চিয়েল মিডিয়াত অংশগ্রহণকাৰীৰ সংখ্যা ৩১ শতাংশ বাঢ়িছিল যদিও সেয়াই ভাৰতৰ দৰে দেশত বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে। এছিয়াৰ দেশসমূহৰ নাৰীক ছ'চিয়েল মিডিয়াই সামৰি ল’ব নােৱাৰাৰ কাৰণ লিংগ বৈষম্য বুলি প্রতিবেদনখনে দাবী কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment