গুৱাহাটীত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী সঞ্জীৱ কুমাৰ বালিয়াঁৰ সংবাদমেল। দিল্লীত বহি অসমৰ বেদনা অনুভৱ কৰিব নোৱাৰি বুলি মন্তব্য কৰি বালিয়াঁই কয় যে কেন্দ্ৰ আৰু ৰাজ্য পৃথক নহয়। অসমৰ কাৰণে কেন্দ্ৰই বিশেষভাৱে চিন্তা কৰে। প্ৰত্যেক ৰাজ্যৰ লোকসকলে প্ৰত্যাশা কৰা অনুযায়ী সকলো সুবিধা দিয়াত অসুবিধা আছে বুলিও মন্তব্য কৰে বালিয়াঁই। তেওঁ নিজে এজন কৃষক বুলি কৈ সঞ্জীৱ কুমাৰ বালিয়াঁই সংবাদমেলত কয়- 'মোৰ ধাৰণা আছিল পঞ্জাৱ, উত্তৰ প্ৰদেশৰ মাটিহে সকলোতকৈ ভাল, কিন্তু মোৰ ধাৰণা ভুল প্ৰমাণিত হৈছে। অসমৰ মাটি-পানী খেতিৰ বাবে উত্তম।' কেৱল অসমেই নহয়, দেশৰ আন প্ৰান্তৰ লোকো আৱেগিক বুলি কৈ বালিয়াঁই কয় যে সাগৰত গৈ পৰাৰ আগতে পানীৰ সদ্ব্যৱহাৰ হোৱা উচিত। পানী কাৰো ব্যক্তিগত সম্পত্তি নহয়, পানী উমৈহতীয়া সম্পত্তি। ব্ৰহ্মপুত্ৰক অসমৰ অৰ্থনীতিৰে সংলগ্ন কৰাৰো পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে। ধনশিৰি প্ৰকল্পৰ কাৰণে কেন্দ্ৰই ৫৬৭ কোটি খৰচ কৰিব। অহা মাহৰ ভিতৰত মুকলি কৰি দিব ধন। কেন্দ্ৰই ৮০ শতাংশ আৰু ৰাজ্য চৰকাৰে ২০ শতাংশ খৰচ কৰিব বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী বালিয়াঁই। লগতে ব্ৰহ্মপুত্ৰৰ পৰা অসমৰ লাভৰ বাবে কেন্দ্ৰই চেষ্টা চলাব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment