কিছুমান খোৱা খাদ্য অকলে খালে অমৃত তুল্য হয় , কিন্তু সেই একেই খাদ্য বেলেগ খাদ্যৰ লগত মিহলাই খালে বিহৰ নিচিনা কাম কৰে ।কিছুমান খাদ্য ইটোৱে সিটোৰ গুণ-বিৰুদ্ধ , কিছুমান সংযোগ বিৰুদ্ধ , কিছুমান সংস্কাৰ বিৰুদ্ধ , কিছুমান স্থান বিৰুদ্ধ আৰু কিছুমান কাল বিৰুদ্ধ থাকে । গুণ-বিৰুদ্ধ যেনে মাছ আৰু গাখীৰ একেলগে খালে কুষ্ঠৰোগ আৰু ঢল ওলোৱা ৰোগ হব পাৰে । সংস্কাৰ বিৰুদ্ধ যেনে কাঁচৰ পাত্ৰত বেছিদিন থোৱা দৈ আৰু সংযোগ বিৰুদ্ধ যেনে গাখীৰ আৰু মুলা । কাল বিৰুদ্ধ যেনে শীতকালত শুকান বস্তু আদি খোৱা , স্থান বিৰুদ্ধ যেনে নিজৰ দেশত বা মাটিত নোহোৱা বস্তু আদি খোৱা ।।।
এনেকুৱা বস্তু গ্ৰহণ নকৰি অনেক ৰোগৰ পৰা হাত বাছি থাকিব পাৰি ।
এনৱকুৱা বিৰুদ্ধ খাদ্যৰ এখন তালিকা তলত দিয়া হল ।।।।।।।
গাখীৰৰ লগত ::::
দৈ , নিমখ , তেঁতেলী , তৰমুজ , বেল , নাৰিকল , মূলা , গুড় , জিকা , তেল , বুটমাহ , টেঙা ফল , কেঁহা আদি ।।।।
দৈৰ লগত ::::::::
গৰম ভাত , গৰম খাদ্য , পায়খ , তৰমুজ আদি ।
পায়খৰ লগত :::::::
খিচিৰি , কঁঠাল , টেঙা বস্তু , বুটমাহ , মদ্যপান আদি ।।
মৌৰ লগত : মূলা , আঙুৰ , গৰম বস্তু , ঘিঁউ , গৰম পানী আদি ।
ঠাণ্ডা পানীৰ লগত ::::
বাদাম , ঘিঁউ , তেল , তৰমুজ , মধুৰীআম , জাম , তীয়হ , গৰম গাখীৰ বা গৰম পানী , গৰম চাহ , গৰম ভাত আদি ।
ঠিক তেনেদৰে কিছুমান বস্তুৰ সংযোগে অমৃতৰ নিচিনা গুণ দিয়ে ।
যেনে ::::
মিঠা আমৰ লগত গৰুৰ গাখীৰ ,
কলৰ লগত ইলাচী ,
খেজুৰৰ লগত গাখীৰ ,,
ভাতৰ লগত দৈ ,
ভাতৰ লগত নাৰিকল ,
ভাতৰ লগত গাখীৰ ,
তেঁতেলীৰ লগত গুড় ,
মধুৰীআমৰ লগত চৌফ ,
তৰমুজৰ লগত গুড় ,
গাজৰ আৰু মেথিশাক ।।।
আৰু বহুত এনেকুৱা খাদ্য বস্তু আছে , যিবিলাক পৰস্পৰ বিৰোধী পৰস্পৰে মিলি অমৃত সদৃশ হয় ।। আজিলৈ এইখিনি বস্তু মনত ৰাখিব । পৰৱৰ্তী সময়ত আৰু অধিক লিখিম ।।
0 comments:
Post a Comment