দেওবৰীয়া চিন্তা::::


***** ৰগৰৰ চলেৰে সুন্দৰ চিন্তাধাৰা ...........
:
যুৱতী মহিলা এজনীয়ে ডাইনিং টেবুলত বহি চিন্তা কৰি আছিল ---------- এই মাহটোৰ দৰমহা কেইটা ইনকাম টেক্স দিওঁতে গ'ল । ঘৰটোৰো ধেৰ কাম বাকি আছে । তাৰোপৰি বিহুটোওঁ আহি আছে , ঘৰৰ সদস্য বোৰক খোৱা বোৱা কাপোৰ কাণি দিয়া ..... ইত্যাদি
---এইবোৰ ভাবি ভাবি তেওঁ একপ্ৰকাৰ ভাগি গৈছিল । মানুহ জনীৰ কাষত তেওঁৰ একমাত্র পুত্ৰই বহী এটাত কিবা লিখি থকা দেখি তেওঁ পুত্ৰক কি লিখিছে সোধাত লৰাটোৱে কলে যে ......... ইংৰাজী শিক্ষকে হোমৱৰ্ক দিছে ( Negative Thanks giving ) ৰ ওপৰত কেইষাৰি মান বাক্য লিখিব যিটো আমাৰ প্ৰথমতে ভাল নালাগে কিন্তু লাহে লাহে পিছলৈ ভাল লগা হয় ।
--- লৰাটোৰ কথাত বহুত উৎসাহিত হৈ মাকে বহীখন পঢ়িব ধৰিলে । লৰাটোৱে লিখিছিল ...........
**** মই মোৰ ফাইনেল পৰীক্ষাটোক ধন্যবাদ দিওঁ এইবাবে যে ইয়াৰ পিছত বহু দিনলৈ স্কুল বন্ধ থাকে আৰু আৰু আমি চুটি পাওঁ ।
*
মই সেই কাঢ়া আৰু তিতা ঔষধ বোৰক এইবাবে ধন্যবাদ দিওঁ যে সেইবোৰে মোক মোৰ স্বাস্থ্যৰ উপকাৰ কৰে ।
*
মোক ৰাতিপুৱা এলাৰ্ম দি জগাই দিয়া সেই ঘড়ীটোক মই এইবাবে ধন্যবাদ দিওঁ যে সি মোক অনুভৱ কৰায় যে মই এতিয়াও জীৱিত হৈ আছো ।
---- লিখাখিনি পঢ়ি মাকে ভাবিবলৈ ধৰিলে যে তেওঁৰোতো নিজৰ এনেকুৱা কিছুমান অনুভৱ আছে যাক ধন্যবাদ দিব পৰা যায় ।
----- মহিলা জনীয়ে আকৌ ভাবিলে .........
*
তেওঁ যে ইনকাম টেক্স দিব লগা ইয়াৰ মতলব হ'ল তেওঁ এজনী সৌভাগ্যশালী মহিলা , যাৰ লগত এটা ভাল দৰমহা থকা চাকৰি আছে ।
*
তেওঁ ঘৰৰ বহুত কাম কৰিব লগা হয় , ইয়াৰ মতলব তেওঁৰ এটা ঘৰ আছে ।
*
তেওঁ পৰিয়ালৰ সদস্য বোৰৰ বাবে খানা বনাব লগা হয় , ইয়াৰ মতলব তেওঁৰ এটা ডাঙৰ পৰিয়াল আছে ..য'ত উৎসৱে পাৰ্বনে ফুৰ্টি কৰা হয় ।
****** *
মৰেল ---- আমি সদায় বেয়া কথাবোৰহে চিন্তা কৰো । ভালকৈ চিন্তা কৰি নোহোৱাটো কেনেকৈ হোৱাব পাৰি সেইটো চিন্তা কৰি কামবোৰ কৰিলে আমাৰ দিনবোৰ নিশ্চয় সুখী হব ।
+
আপোনালোকৰ বাবে আজি দেওবাৰটো মধুৰ হওঁক ।
যুগুতালে::: মমি দাস, চতিয়া।

Share on Google Plus

About Unknown

0 comments:

Post a Comment