আয়কৰ বিভাগে আয়কৰ আদায় নিদিয়া সকলৰ বিৰুদ্ধে অত্যন্ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে । যিসকল লোকে ইচ্ছাকৃত ভাৱে আয়কৰ আদায় দিয়া নাই, তেনেবোৰ ব্যক্তিক অনতিপলমে আটক, গ্ৰেপ্তাৰ আনকি প্ৰয়োজন হলে সম্পত্তি বাজেয়াপ্ত কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে আয়কৰ বিভাগে। বিভাগটোৱে ঘোষণা কৰা মতে , আয়কৰ ফাঁকি দিয়া লোকসকলৰ পান কাৰ্ড ব্লক কৰি অচল কৰি দিয়া হব। যাৰফলত তেওঁলোকে বেংকৰ ঋৃণ , ৰন্ধন গেছৰ ৰাজ সাহাৰ্য্য পৰা বঞ্চিত হোৱাৰ উপৰিও বহু চৰকাৰী সা- সুবিধাৰ পৰা বঞ্চিত হব। উল্লেখ্য যে বহু লোকে আয়কৰ জমা নিদিয়াৰ বাবে চৰকাৰে বহুতো ৰাজহ সংগ্ৰহৰ পৰা বঞ্চিত হৈ আছে। ফলত উন্নয়ন ক্ষতি গ্ৰস্থ হৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment