স্মৃতি ইৰাণীক 'ডীয়াৰ' বুলি কলে বিহাৰৰ মন্ত্ৰীয়ে:: ক্ষুব্ধ স্মৃতি

স্মৃতি ইৰাণীক 'ডীয়াৰ' বুলি কলে বিহাৰৰ মন্ত্ৰীয়ে:: ক্ষুব্ধ স্মৃতি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীক বিহাৰৰ শিক্ষা মন্ত্ৰী অশোক চৌধুৰীয়ে টুইটাৰত 'ডীয়াৰ' বুলি কোৱাক লৈ টুইটাৰত আৰম্ভ হয় এক মন্তব্য যুঁজ । চৌধুৰীয়ে কেন্দ্ৰৰ নতুন শিক্ষা নীতিক লৈ মন্ত্ৰী স্মৃতিক 'ডীয়াৰ'(মৰমৰ) বুলি সম্বোধন কৰি এক প্ৰশ্ন কৰাক লৈ ক্ষুব্ধ হৈ পৰে স্মৃতি । মন্ত্ৰী গৰাকীয়ে টুইটাৰত মন্তব্য কৰি কৈছিল ' ডীয়াৰ, স্মৃতি ইৰাণী জী, আমি নতুন শিক্ষা নীতি কেতিয়া লাভ কৰিম? আপোনাৰ কেলেণ্ডাৰত ২০১৫ বৰ্ষ কেতিয়া অন্ত পৰিব ? তাতেই ক্ষুন্ন হৈ স্মৃতিয়ে ওলোটাই প্ৰশ্ন কৰে --- মহিলাক 'ডীয়াৰ' বুলি কেতিয়াৰ পৰা আপুনি সম্বোধন কৰিবলৈ ললে আশোক জী ? তেতিয়া চৌধুৰীয়ে কয়-- এয়া মই অনাদৰ প্ৰদৰ্শনৰ কৰা নাই । যিকোনো পেছাদাৰী ই- মেইল ' ডীয়াৰ'ৰ পৰাই আৰম্ভ হয়। স্মৃতি জী, মূল বিষয়ৰ উত্তৰ দিয়ক। প্ৰসংগ সলনি নকৰিব। এইবাৰ স্মৃতিয়ে কয়-- মই নিজে সকলোৰে সতে কথা কওঁতে ' আদৰণীয়' শব্দ ব্যৱহাৰ কৰো। দুই শিক্ষা মন্ত্ৰীৰ এই মন্তব্য যুঁজে সম্প্ৰতি টুইটাৰত সৰস চৰ্চা লাভ কৰিছে ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment