## প্ৰাক্তন সমাজ কল্যাণ মন্ত্ৰী অকণ বৰাক জেৰা, সমাজ কল্যাণত ২,২০০ কোটিটকীয়া অনিয়ম কেলেংকাৰি সন্দৰ্ভত দুৰ্নীতি আৰু তদাৰকী শাখাই জেৰা কৰিছে অকণ বৰাক, জেৰাত বহু বিস্ফোৰক তথ্য ফাদিলৰ সম্ভাৱনা, NEWS18ত বিভাগৰ কেলেংকাৰিৰ বাতৰি সম্প্ৰচাৰৰ পিছতে গুৱাহাটীৰ শ্ৰীমন্তপুৰৰ দুৰ্নীতি নিবাৰকৰ কাৰ্যালয়ত জেৰা কৰিছে প্ৰাক্তন মন্ত্ৰীজনক।
## কইনাধৰাত প্ৰাক্তন মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল, সোণোৱাল চৰকাৰে ইন্দিৰা আৱাস যোজনাৰ বিপৰীতে PMAY আঁচনি মুকলি কৰাৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, PMAY আঁচনিক নতুন বটলত পুৰণি মদ বুলি কটাক্ষ কৰি সোণোৱাল চৰকাৰে কোনো নতুন আঁচনি ল’ব পৰা নাই বুলি মন্তব্য গগৈৰ।
## গুৱাহাটীত মেট্ৰ’ ৰে’লৰ বাবে ২০১৩ চনতে কংগ্ৰেছ চৰকাৰে প্ৰস্তাৱ লোৱা বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে, দলং উদ্বোধন কৰিবলৈও কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ দৰে পৃথিৱীত নোহোৱা–নোপজা ঘটনা ঘটাত আশ্চৰ্য প্ৰকাশ গগৈৰ।
## পণ্ডিত জৱাহৰলাল নেহৰুক ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতে নাস্তিক আখ্যা দিয়াত ক্ষোভ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ, গগৈৰ দাবী ৰাজ্যপালে নিজৰ দায়িত্ব পালন কৰক, গগৈৰ মতে এনে মন্তব্যৰে অসমখনক দুভাগ কৰিব বিচাৰিছে ৰাজ্যপালে।
## গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত চেণ্টাৰ অব ট্ৰেড ইউনিয়নৰ প্ৰতিবাদ, শ্ৰমিকসকলক মাননিৰ সলনি কৰ্মচাৰীক মজুৰি, ICDS, MDM, NHMত বাজেট বৃদ্ধিৰ লগতে নিয়মীয়া পেন্সন দি আঁচনিভুক্ত কৰ্মচাৰীৰ চৰকাৰী স্বীকৃতিৰ দাবী কৰে, উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰকপত্ৰ।
## কোকৰাঝাৰৰ বুঢ়াচেৰাৰ পৰা মাৰণাস্ত্ৰসহ NDFB(S)ৰ সদস্য আটক, সেনা-আৰক্ষীৰ যুটীয়া অভিযানত আটক পাকন নাৰ্জাৰী নামৰ NDFB(S)ৰ সদস্যজন, পাকন নাৰ্জাৰীৰ পৰা জব্দ কৰিলে এটা হস্তনিৰ্মিত পিষ্টল, এটা গ্ৰেনেড আৰু ২জাঁই গুলী।
## বকলীয়াঘাটত KPLTৰ ২ সদস্যক ৰাইজে উত্তম-মধ্যম দি গতালে আৰক্ষীক, ধৃত KPLTৰ সদস্য দুজনৰ নাম ৰবীন্দ্ৰ টকবী আৰু জিতেন ফাংছ’, দীৰ্ঘদিনে বিভিন্ন ঠাইৰ গাঁৱে গাঁৱে প্ৰতিঘৰৰ পৰা ১২০ টকাকৈ ধন সংগ্ৰহৰ অভিযোগ দুয়োৰে বিৰুদ্ধে।
## মাণিকপুৰৰ জামদহাত ট্ৰেক্টৰে মহটিয়ালে ৩ পথচাৰীক, দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আহত এজন লোক, নিহত লোকজন দুজন নুৰ ইছলাম, জহৰুদ্দিন।
## ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে কনিষ্ঠ অভিযন্তাক ভৰিত ধৰোৱা কাণ্ডক গিৰহণা, তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম কৰ্মচাৰী পৰিষদে।
NEWS18
0 comments:
Post a Comment