এশ গৰু মাৰিলে বাঘৰাে মৰণ’ হােৱাৰ দৰে হল ৰাকেশ পালৰ অৱস্থা । অসম লোকসেৱা আয়োগক চাকৰিৰ মুকলি বজাৰত পৰিণত কৰি এটাৰ পাছত আন এটা নজিৰবিহীন কেলেংকাৰি সংঘটিত কৰা আয়োগৰ অধ্যক্ষ ৰাকেশ কুমাৰ পাল অৱশেষত আৰক্ষীৰ জালত পৰিল। এ পি এছ চিৰ বহু বিতর্কিত অধ্যক্ষগৰাকীক আজি ডিব্ৰুগড় আৰক্ষীয়ে লোকসেৱা আয়োগৰ কার্যালয়ৰ পৰা আটক কৰে। ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে কালি বিয়লি ৫ বজাত ৰাকেশ কুমাৰ পালক আটক কৰি কাহিলিপাৰাস্থিত চতুর্থ আৰক্ষী বেটেলিয়নলৈ লৈ আনে। প্রায় দুঘণ্টা সোধা-পোছা কৰাৰ অন্তত আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁক প্রিভেনচন অৱ কৰাপচন এক্টৰ ৭/১৩(১)(বি)(ডি) আৰু ভাৰতীয় দণ্ডবিধিৰ ১২০(বি), ৪২০ ধাৰাৰ অধীনত গ্রেপ্তাৰ কৰি বৰ্তমানেও সোধা-পোছা অব্যাহত ৰাখিছে।আজি বিশেষ আদালতত তেওঁক হাজিৰ কৰােৱা হ’ব।মহাপ্ৰতাপী ৰাকেশ পাল গ্রেপ্তাৰ হােৱাৰ পাছতে স্বাভাৱিকতে অসম লোকসেৱা আয়োগৰ ভিতৰচ'ৰা আৰু আয়ােগৰ চাকৰিৰ বজাৰৰ লগত জড়িত লোকসকলৰ বুকুত কঁপনি উঠিছে। এতিয়া আৰক্ষীৰ তদন্ত কোনদিশে আগবাঢ়ে সেয়া লক্ষণীয় হ’ব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment