অগপত সভাপতি, কার্যকৰী সভাপতি সলনি কৰাৰ কুচকাৱাজ আৰম্ভ

কেন্দ্রীয় কমিটী সলনি হোৱাৰ কুচ-কাৱাজ আৰম্ভ হৈছে অগপৰ অভ্যন্তৰত৷ অহা 27 নৱেম্বৰত দলটোৰ কেন্দ্রীয় অধিৱেশন অনুষ্ঠিত হ’ব আৰু সেই অধিৱেশনতে নেতৃত্ব সলনি হোৱাৰ সম্ভৱনা আছে৷ বিশেষকৈ, সভাপতি আৰু কার্যকৰী সভাপতি সলনি হোৱাৰ কুচ-কাৱাজ এতিয়াৰ পৰা আৰম্ভ হৈছে৷ দলৰ সংবিধান অনুসৰি এজন ব্যক্তিয়ে দুটা পদ দখল কৰাত বাধা থকাত আগন্তুক অধিৱেশনত সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই পদ এৰিব লগা হ’ব পাৰে৷ সভাপতি আৰু কার্যকৰী সভাপতি ৰাজ্য চৰকাৰৰ মন্ত্রী হোৱাৰ পৰিপ্রেক্ষিতত সাধাৰণ সভাৰ জৰিয়তে তেওঁলোকৰ স্থানত অন্য নেতাক দায়িত্ব অর্পণ কৰাৰ পথ প্রশস্ত হৈছে৷ উল্লেখযোগ্য যে অধিৱেশনৰ দিনাই অনুষ্ঠিত হ’ব সাধাৰণ পৰিষদৰ বৈঠক৷ এই বৈঠকতে সভাপতি সলনিৰ দাবী তুলিবলৈ সাজু হৈছে একাংশ নেতা৷ কিন্তু কোন হ’ব দলৰ পৰৱর্তী সভাপতি? নির্ভৰযোগ্য সূত্রৰ পৰা জানিব পৰা মতে, পূর্বে দলত সভাপতি বা কার্যকৰী সভাপতিৰ দায়িত্ব নোপোৱা নেতাক উক্ত পদত অধিষ্ঠিত কৰাৰ দাবী উঠিছে৷ সমান্তৰালভাৱে অগপত নতুনকৈ যোগদান কৰা নেতাক বিভিন্ন বিষয়বাব দিয়াৰ চর্ আৰম্ভ হৈছে৷ কাৰণ অসম বিধানসভাৰ যোৱাটো নির্বাচনৰ সময়ত কেইবাজনো নতুন নেতাই অগপত যোগদান কৰিছিল৷ নতুন ৰূপত দলটো ৰাইজৰ মাজত সমাদৃত হোৱাৰ স্বার্থত নতুন নেতাক দলৰ বিভিন্ন দায়িত্ব দিয়াৰ চর্ অব্যাহত আছে৷ অৱশ্যে, সাধাৰণ পৰিষদৰ বৈঠকত এই কথা স্পষ্ট হ’ব৷ দলৰ এক সূত্রৰ পৰা জানিব পৰা মতে, হিন্দু- বাংলাদেশীক নাগৰিকত্ব দিবৰ বাবে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা সিদ্ধান্তৰ ওপৰতো অগপৰ সাধাৰণ পৰিষদৰ সভাত আলোচনা হ’ব৷ কাৰণ ইতিমধ্যেই অগপৰ বেছিভাগ নেতাই হিন্দু-বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰিছে৷ সেয়ে, সাধাৰণ পৰিষদৰ সভাই নাগৰিকত্ব দিয়া সিদ্ধান্তৰ বিৰোধিতা কৰাৰ সম্ভাৱনা আছে৷ ইফালে, হিন্দু-বাংলাদেশীক নাগৰিকত্ব দিবৰ বাবে কেন্দ্রীয় চৰকাৰে লোৱা কার্যব্যৱস্থাৰ বিৰোধিতা কৰা অসম আন্দোলন সংগ্রামী মঞ্চই 5 নৱেম্বৰত বৈঠক আহবান কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে হিন্দু-বাংলাদেশীক সংস্থাপিত কৰিবৰ বাবে প্রস্তাৱ লোৱাৰ সময়তে 2015 চনৰ অক্টোবৰ মাহতে অসম সংগ্রামী মঞ্চৰ জন্ম দিয়া হৈছিল৷[উৎস ::দৈনিক জনমভূমি ]


Share on Google Plus

About Unknown

0 comments:

Post a Comment