ঘোঁৰাত উঠি ধৰালৈ দেৱী দুৰ্গাৰ আগমন::আজি মহাষষ্ঠী ::





আজি মহাষষ্ঠী। পুৱা ৭.৫০ৰ ভিতৰত দেৱীৰ কল্পাৰম্ভ হােৱাৰ পাছত সন্ধিয়া মন্ত্রোচ্চাৰণেৰে দেৱীক আমন্ত্রণ জনোৱা হ’ব।শাৰদীয় দুর্গোৎসৱক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যৰচৌদিশে সৃষ্টি হৈছে উৎসৱৰ বাতাৱৰণ। মণ্ডপে মণ্ডপে আয়ােজক-শিল্পীৰ সীমাহীন ব্যস্ততা। অস্তিম ক্ষণত উপনীত হৈছেহি দুর্গাপূজাৰ প্ৰস্তুতি। সাজোন-কচােন-আলোকসজ্জাৰে নিজৰ পূজাথলীক সর্বশ্রেষ্ঠ ৰূপত গঢ়ি তোলাৰ অঘোষিত প্রতিযোগিতা। ঘৰে ঘৰে বজাৰ-সমাৰৰ ব্যস্ততা। বজাৰৰ পাছত বজাৰ, দোকানৰ পাছত দোকান চলাথ কৰি সকলোৱে বাছি লৈছে পছন্দৰ পোছাকযোেৰ। আকাশলংখী দাম পথৰ হেঙাৰ হ’লেও কোনাে গাভৰুৱে পূজাৰ দিনকেইটাত নিজক উদ্ভাসিত কৰি তোলাৰ ক্ষেত্ৰত আপোচ কৰিব বিচৰা নাই।বােধন, পৱিত্ৰ মন্ত্রধ্বনিৰে অসুৰনাশিনী দেৱী দশভূজাক আমন্ত্রণ জনােৱা হ’ব ধৰালৈ। দেৱীয়ে দি যাওক সংঘাত অতিক্রম কৰিব পৰাৰ শক্তি, অন্যায় আৰু ঘূণাক প্রতিহত কৰাৰ শক্তি। অন্ধকাৰাচ্ছন্ন জীৱন আলোকিত কৰিব পৰাকৈ দুর্জেয় সাহস-শক্তিৰ কামনাৰে দেৱী দুর্গাৰ চৰণত সেৱা আগবঢ়াব ভক্তসকলে। এটাই প্রার্থনা সকলোৰে— চকু মেলি চােৱা আৰু উদ্ধাৰ কৰা এই পংকিল সময়ৰ পৰা। সুমধুৰ সপোন দিয়া আৰু দিয়া সপোন সাকাৰ কৰাৰ শক্তি। স্তোত্র মন্ত্র, ঢাক, উৰুলিৰ শব্দই অহা কেইবাটাও দিনলৈ আচ্ছন্ন কৰি ৰাখিব আকাশ-বতাহ। মাজনিশালৈ ৰাজপথ হৈ থাকিব দলদোপ-হেন্দোলদোপ। প্রাত্যহিক ব্যস্ততা নাথাকে, মনত নাথাকে শংকা— নির্মল আকাশৰ তলত মুকলিকৈ ঘূৰি ফুৰিব পাৰিব সকলোৱে। এয়াইতো উৎসৱ। ইয়াতেই থাকে আনন্দ। সেয়ে মহাষষ্ঠীৰ দিনটােত দেৱীৰ বোধন আৰু আমন্ত্রণৰ বাবে উৎসুকতাৰে ৰৈ আছে সকলো।
Share on Google Plus

About Unknown

0 comments:

Post a Comment