বন্ধৰ বিৰুদ্ধে প্ৰবল জনমত গঢ়ো আহক::

অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয় (মৰাণ, মটক, টাই আহোম, চুতীয়া, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠী ঐক্যমঞ্চই আহবান জনোৱা 36 ঘণ্টীয়া অসম বন্ধৰ সময়ত ৰাজ্যত ব্যাপক বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে৷ বন্ধৰ সমর্থকে জনসাধাৰণক পণবন্দী কৰি নিজৰ দাবী পূৰণৰ স্বার্থত চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিবলৈ হিংসাত্মক কার্যকলাপ হাতত লৈছে৷ পথ বন্ধ, গাড়ীত অগ্নিসংযোগ, যান-বাহনৰ ক্ষতি, ব্যাৱসায়িক প্রতিষ্ঠান লণ্ডভণ্ড, চিকিৎসালয়লৈ অহাৰ পথত ৰোগীলৈ শিলগুটি নিক্ষেপ, গর্ভৱতী মহিলা কঢ়িওৱা গাড়ীত আক্রমণ, কর্তব্যৰত সাংবাদিকৰ গাড়ীলৈ শিলগুটি নিক্ষেপ আদি ঘটনাই স্তব্ধ কৰি তুলিলে স্বাভাৱিক জীৱন৷ এনে সময়তে প্রশ্ন উত্থাপন হৈছে– বন্ধই সমস্যা সমাধানৰ একমাত্র উপায় নেকি? চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিবলৈ অথবা হেঁচা প্রয়োগ কৰিবলৈ বন্ধৰ কোনো বিকল্প পন্থা নাই নেকি? ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মর্যাদা প্রদানৰ দাবীৰ ক্ষেত্রত সর্বসাধাৰণ ৰাইজে কোনোদিনে প্রতিবাদ কৰা নাই৷ সেয়া চৰকাৰ আৰু জনগোষ্ঠীয় সংগঠনৰ মাজৰ বিষয়বস্তু৷ প্রশ্ন হৈছে– দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ কিয় হ'বলগীয়া হৈছে? ইতিমধ্যে প্রথিতযশা সাহিত্যিক ড0 নগেন শইকীয়াই প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে বন্ধই চৰকাৰৰ কোনো ক্ষতিসাধন নকৰে৷ বৰঞ্চ ক্ষতিসাধন আৰু হাৰাশাস্তি হয় সর্বসাধাৰণ ৰাইজৰ৷ তেওঁ নিজৰ ভাব প্রকাশ কৰি কৈছে যে গুৰুত্বপূর্ণ দাবী থাকিলে জনসাধাৰণক হাৰাশাস্তি নকৰাকৈ তথা আস্থাত লৈহে কোনো কার্যসূচী হাতত লোৱা উচিত৷ নিঃসন্দেহে 'বন্ধ' বিষয়বস্তুটোৰ বিকল্প বিবেচনাৰ সময় সমাগত৷ অন্যথা ধাৰাবাহিক বন্ধৰ প্রভাৱে প্রতিবাদকাৰীসকলৰ যিকোনো দাবীকে বুমেৰাং কৰিব পাৰে৷ শেহতীয়া বন্ধক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ সম্পর্কত প্রতিক্রিয়া জানিব বিচৰাত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্র পৰিক্রমা বিভাগৰ গুৰু ড0 জিতেন হাজৰিকাই কয় যে বন্ধৰ বিকল্প হিচাপে অহিংসভাৱে ৰাজপথলৈ ওলাই আহি সমদল কৰি চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিব পাৰে৷ ধর্ণা কার্যসূচী ল'ব পাৰে৷ এনে কার্যসূচীৰ জৰিয়তে চৰকাৰী কার্যালয় বন্ধ কৰি ৰজাঘৰীয়াৰ দৃষ্টি আকর্ষণ কৰক৷ আনহাতে ভোট বেংকৰ স্বার্থতে ৰাজনৈতিক দলসমূহে প্রলোভন দিব নালাগে বুলিও ড0 হাজৰিকাই কয়৷ বিশিষ্ট সাহিত্যিক তথা চাহ খেতিয়ক দেবী প্রসাদ বাগ্রদিয়াই কয় যে বন্ধৰ কার্যসূচী ল'লে কোনো চৰকাৰৰ গা নলৰে, হাৰাশাস্তি হয় সর্বসাধাৰণৰ৷ বন্ধ কার্যসূচীৰ পৰিৱর্তে ধর্ণা, শ্ল'গান, স্মাৰক-পত্রৰে প্রতিবাদকাৰীসকলক দাবী পূৰণৰ বাবে আহবান জনায়৷ বিশিষ্ট চিকিৎসক তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যপক নাৰায়ণ উপাধ্যায়ে কয় যে পথ, বেচৰকাৰী ব্যাৱসায়িক প্রতিষ্ঠান, জৰুৰীকালীন সেৱাসমূহ বন্ধ কৰি আন্দোলনকাৰীয়ে প্রতিবাদী কার্যসূচী হাতত ল'লে জনসাধাৰণৰ সমর্থন হ্রাস পোৱাৰহে থল থাকে৷ আন্দোলনকাৰীসকলে সিদ্ধান্ত গ্রহণকাৰী পক্ষক সজোৰে হেঁচা দিলেহে প্রকৃততে সমস্যা সমাধান হ'ব৷ এনে প্রতিবাদ কেন্দ্রীভূত হ'ব লাগে, যাতে চৰকাৰ জবাবদিহি হয়৷ অন্যথা বন্ধই সংস্কৃতিহে নষ্ট কৰে বুলি বিশিষ্ট চিকিৎসকজনে জনায়৷ প্রতিষ্ঠিত ব্যৱসায়ী প্রাঞ্জল বৰপূজাৰীয়ে কয় যে বন্ধৰ ফলত সর্বসাধাৰণ খাটি খোৱা শ্রমিক তথা মেহনতী লোকসকলৰ ক্ষতি হয়৷ সমান্তৰালভাৱে শিক্ষার্থীসকলৰ মনত বিৰূপ প্রভাৱ পৰে৷ গ্রামাঞ্চলৰ ছাত্র-ছাত্রীসকলৰ শিক্ষা গ্রহণত ক্ষতি হয়৷ আনহাতে, জৰুৰীকালীন সেৱাৰ ভিতৰত পৰা পেট্রল পাম্পসমূহ আন্দোলনকাৰীয়ে বলপূর্বক বন্ধ কৰি দিয়াৰ ফলত ৰোগীৰ জীৱনক লৈ তেওঁলোকে হেতালি খেলাৰ দৰে হৈছে৷ আন্দোলনকাৰীয়ে বন্ধৰ পৰিৱর্তে সংঘবদ্ধভাৱে ওলাই আহি চৰকাৰী খণ্ডত হেঁচা প্রয়োগ কৰিলেহে স্বার্থসিদ্ধি হ'ব৷ বন্ধৰ দৰে অপসংস্কৃতিৰ আশ্রয়ে একো একোটা সংগঠনৰ ফোঁপোলা ৰূপহে ৰাইজৰ আগত দাঙি ধৰে৷ জনসাধাৰণক আস্থাত লৈ তেওঁলোকে প্রতিবাদৰ গ্রহণযোগ্যতা প্রতিপন্ন কৰক, তেতিয়াহে ৰজাঘৰীয়াৰ গা লৰিব বুলি বৰপূজাৰীয়ে কয়৷ মন কৰিবলগীয়া এই যে আজিৰ তাৰিখত ৰাজ্যৰ অধিকাংশ লোকেই 'বন্ধ'ৰ বিৰোধিতা কৰিছে৷ য'ত নেকি জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ সাধাৰণ জনতাও আছে৷ যাৰ বাবে আজিৰ তাৰিখত কোনো দল-সংগঠনে বন্ধ ঘোষণা কৰিলে ৰাইজে স্বতঃস্ফূর্তভাৱে সমর্থন নজনায়৷ ফলত দায়িত্বশীল বুলি দাবী কৰি অহা একাংশ সংগঠনৰ নেতা-পালিনেতাই ৰাজপথত, বজাৰত, সমাজত এক অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি বন্ধক 'সর্বাত্মক' ৰূপ দিয়াৰ চেষ্টা চলাই আহিছে৷ এতিয়া 'বন্ধ' ঘোষণাৰ বিকল্প বিচৰাৰ সময় সমাগত৷ 'বন্ধ'ক বন্ধ কৰিব নোৱাৰিলে সংগঠনসমূহৰ প্রতি কিন্তু ৰাইজৰ আস্থা 'বন্ধ' হৈ পৰাৰ সম্ভাৱনাই অধিক৷ বিকল্প পথ সন্ধানৰ আহবান ঃ নাহৰকটীয়াৰ নিজা সংবাদদাতাই জনাইছে যে প্রকৃতার্থত বন্ধৰ প্রদেশ ৰূপেই বিখ্যাত আমাৰ অসম৷ সততে যিকোনো ঘটনাৰ ক্ষেত্রত অসমৰ কিছু দল-সংগঠন তথা একাংশ লোকে গ্রহণ কৰা কার্যসূচীটোৱেই হ'ল 'বন্ধ'৷ প্রতি মাহৰ নূ্যনতম 5ৰ পৰা 10 দিনেই ৰাজ্যখনত বিভিন্ন দল-সংগঠনে ঘোষণা কৰে 'বন্ধ'ৰ৷ সেয়া লাগিলে অসম বন্ধই হওক বা উজনি অসম, নামনি অসম, মধ্য অসম, জিলা অথবা চহৰ বন্ধই হওক৷ এই বন্ধৰ কাৰণো বিভিন্ন হ'ব পাৰে৷ সাধাৰণতে দেখা যায় যে জনসাধাৰণে বন্ধৰ সমর্থন নকৰিলেও আত্মসন্মান ৰক্ষা তথা সম্পত্তি ৰক্ষাৰ স্বার্থতে মানিবলৈ বাধ্য হয় দল-সংগঠনসমূহৰ ঘোষিত এনে বন্ধসমূহ৷ কিন্তু প্রকৃতার্থত জনসাধাৰণে সঁচাকৈয়ে সমর্থন জনায়নে এই বন্ধক৷ বন্ধৰ নামত জনসাধাৰণ, খাটি খোৱা শ্রমিক, ছাত্র-ছাত্রী তথা ৰোগীক পণবন্দী কৰাৰ অধিকাৰ আছেনে এই দল-সংগঠনসমূহৰ৷ আন্দোলনকাৰীসকলে বন্ধৰ সমর্থনত ব্যাৱসায়িক প্রতিষ্ঠান লণ্ডভণ্ড কৰা, এম্বুলেঞ্চ, যাত্রীবাহী বাহন আদিৰ ক্ষতিসাধন কৰা আদি ঘটনাবোৰ কিমান গ্রহণযোগ্য? আন্দোলনৰ কার্যসূচী ৰূপায়ণৰ বাবে বন্ধৰ বাদে বেলেগ ব্যৱস্থা তেওঁলোকে চিন্তা কৰিব নোৱাৰেনে? বিগত 3 দিন ধৰি অসমত চলি অহা ধাৰাবাহিক 'বন্ধ' আৰু এই বন্ধৰ সময়ছোৱাত বন্ধৰ সমর্থকে ৰাজপথত চলোৱা তাণ্ডৱৰ ফলত এই কথা পুনৰ ভাবিবলৈ বাধ্য হৈছে জনসাধাৰণে৷ এই বিষয়টোত নিজৰ ভাব প্রকাশ কৰি নাহৰকটীয়া মহাবিদ্যালয়ৰ প্রবক্তা কৃষ্ণ দে'ই কয় যে যদিও চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি দল-সংগঠনসমূহে বন্ধ ঘোষণা কৰে, কিন্তু এই বন্ধই চৰকাৰৰ ক্ষতিসাধন কৰাৰ বিপৰীতে খাটি খোৱা শ্রমিক, সর্বসাধাৰণৰহে ক্ষতিসাধন কৰে৷ যিয়ে হয়তো এটা সময়ত আন্দোলনটোৰ প্রতি জনসাধাৰণৰ সমর্থন আঁতৰি গৈ দল-সংগঠনসমূহৰ লগত জনসাধাৰণৰ ব্যৱধান বৃদ্ধি পাব৷ অসম কলেজ শিক্ষক সন্থাৰ সভাপতি নৰেন চাংমায়ে বন্ধ সংস্কৃতিয়ে ছাত্র-ছাত্রীৰ শিক্ষা গ্রহণত ব্যাঘাত জন্মোৱা বিষয়টোত ব্যাপক উদ্বিগ্নতা প্রকাশ কৰাৰ লগতে 1 নৱেম্বৰৰ পৰা ডিব্রুগড় বিশ্ববিদ্যালয়ৰ স্নাতক ষাণ্মাসিক পৰীক্ষাৰ সময়ত 6 জনগোষ্ঠীয়ে আহবান জনোৱা বন্ধক পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনায়৷ বন্ধ সংস্কৃতিৰ ওপৰত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি বিশিষ্ট নিবন্ধকাৰ, কবি তথা সাংবাদিক বুলন কুমাৰ শইকীয়াই কয় যে আজিলৈকে বন্ধ ঘোষণা কৰি কোনো এটা সংগঠনেই ৰাষ্ট্রযন্ত্রৰ পৰা নিজৰ অধিকাৰ কাঢ়ি আনিব পৰা নাই৷ তাৰ বিপৰীতে সংগঠনসমূহৰ জনসাধাৰণৰ লগতহে সম্পর্কৰ ব্যৱধান বৃদ্ধি পাইছে, যাৰ বাবে এটা সময়ত তেওঁলোকৰ বিৰুদ্ধে জনসাধাৰণ মুকলিকৈও ওলাই আহিব পাৰে৷ তেনে প্রেক্ষাপটত কিন্তু ৰাষ্ট্রযন্ত্রই পূর্ণ সুযোগ গ্রহণ কৰি দল-সংগঠনসমূহৰ দাবীসমূহ সম্পূর্ণৰূপে আওকাণ কৰাৰো আশংকা নথকা নহয়৷ গতিকে সময় থাকোতেই আন্দোলনৰ বাবে তেওঁ দল-সংগঠনসমূহক বন্ধ ঘোষণাৰ বিকল্প কার্যসূচী বিবেচনা কৰিবলৈ আহবান জনায়৷ এই গুৰুত্বপূর্ণ বিষয়টোত এজন ৰিক্সা চালকে কৈছিল –আন্দোলনকাৰীসকলে গাড়ী, মটৰচাইকেল চলাই আহি বন্ধত ৰিক্সা চলোৱাৰ বাবে মোৰ ৰিক্সাৰ পাম্প খুলি অশ্লীল গালি দি কাষৰ হোটেলখন খোলাই চাহ-মিঠাই খাই টকা নিদিয়াকৈ গুচি যায়৷ কিন্তু তেওঁলোকে এবাৰো নাভাবে যে ৰিক্সা নচলোৱাৰ বাবে মোৰ ঘৰৰ আজি চৌকাই নজ্বলে৷ ওৰে দিন, ওৰে ৰাতি ভোকত থাকিব মোৰ 3টা সন্তান আৰু পত্নী৷ একেই ক্ষোভ নাহৰকটীয়াৰ এজন উদীয়মান যুৱক দীপাংকৰ কাকতীৰো৷ বন্ধ ঘোষণাই কোনো ধৰণৰ সমস্যাৰ সমাধান নকৰে বুলি মন্তব্য কৰি তেওঁ যিকোনো বন্ধৰ বাতৰি পৰিৱেশনৰ ক্ষেত্রত বিবেচনা কৰিবলৈ তেওঁ বাতৰিকাকত আৰু বৈদু্যতিন মাধ্যমক অনুৰোধ জনায়, কাৰণ তেওঁৰ মতে সংবাদ মাধ্যমেহে বন্ধৰ কথা জনসাধাৰণৰ মাজত প্রকাশ কৰি ইয়াক সফল হোৱাত অৰিহণা যোগায়৷ ছাত্র-ছাত্রীয়ে বন্ধ সংস্কৃতিৰ ফলত ভুগিব লগীয়া হোৱা সমস্যাৰ ওপৰত আলোকপাত কৰি নাহৰকটীয়া মহাবিদ্যালয়ৰ প্রথম ষাণ্মাসিকৰ ছাত্রী উপাসনা ফুকনে কয় যে ছাত্র-ছাত্রীৰ সুৰক্ষাৰ বাবেই গঠন হোৱা একাংশ ছাত্র সংগঠনে দিয়া 'বন্ধ'ৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হোৱা শ্রেণীটোৱেই হ'ল ছাত্র-ছাত্রী৷ কিয়নো সঘনাই ঘোষিত বন্ধৰ ফলত কোনো শিক্ষানুষ্ঠানৰে পাঠ্যক্রম সম্পূর্ণ নহয়, যিয়ে পৰীক্ষাৰ ফলাফলৰ ক্ষেত্রতো প্রভাৱ পেলায়৷ এনে প্রেক্ষাপটত এতিয়া অসমপ্রেমী প্রতিজন শান্তিকামী লোকৰ একান্তই অনুভৱ– অতি সোনকালে সংগঠনসমূহে এই পৰিস্থিতি অনুধাৱন কৰি আন্দোলনৰ বাবে 'বন্ধ' সংস্কৃতিৰ বিকল্প পথৰ সন্ধান কৰক৷ অন্যথা কিন্তু তেওঁলোকৰ এই 'বন্ধ সংস্কৃতি' তেওঁলোকৰ বাবেই বুমেৰাং হৈ পৰি অসমবাসীৰ সন্মুখতে তেওঁলোক অস্তিত্বৰ সংকটত পৰিবলগা হ'ব পাৰে৷ মার্ঘেৰিটাৰ নিজা প্রতিবেদক ঃ অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয় ঐক্যমঞ্চই আহবান জনোৱা 36 ঘণ্টীয়া অসম বন্ধৰ আজি দ্বিতীয় দিনাও বন্ধৰ প্রভাৱ মার্ঘেৰিটাত সর্বাত্মক যদিও বন্ধ অপ-সংস্কৃতিয়ে সর্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰি তোলাও পৰিলক্ষিত হৈছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত যিহেতু অসমৰ প্রায় সংখ্যক ৰাইজৰ দ্বিমত নাই৷ কিন্তু এইদৰে বন্ধৰ দৰে জনবিৰোধী কার্যসূচীৰ জৰিয়তে সংগঠনসমূহে জনমত লাভ কৰাৰ কোনো সম্ভাৱনা নাই বুলি মত প্রকাশ কৰিছে মার্ঘেৰিটা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে৷ নেওগে লগতে কয় যে বন্ধ অপসংস্কৃতি বর্তমান সর্বসাধাৰণৰ বাবে অভিশাপ হৈ পৰিছে৷ আনহাতে লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 কৃপা প্রসাদ উপাধ্যায়ে বন্ধত অংশগ্রহণ আৰু সহযোগিতা স্বতঃস্ফূর্ত হোৱা উচিত বুলি মন্তব্য কৰি বর্তমান বন্ধই জনজীৱন আৰু সমাজ, অর্থনীতি অস্থিৰ কৰি তোলাৰ লগতে বন্ধ অপসংস্কৃতি ব্যাধিলৈ পৰিণত হৈছে বুলি মন্তব্য কৰে৷ তিনিচুকীয়া জিলাৰ প্রাক্তন আছু নেতা সীমান্ত মাধৱ কটকীয়ে কয় যে সংগঠনসমূহে জনসাধাৰণক আস্থাত লৈ ৰাইজৰ সহযোগত চৰকাৰক শ'লঠেকত পেলাবলৈ চেষ্টা কৰা প্রয়োজন৷ বন্ধই কেৱল সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ বাহিৰে চৰকাৰী পক্ষক বিশেষ হেঁচা প্রয়োগ কৰিব নোৱাৰে বুলি কটকীয়ে মন্তব্য কৰে৷ মার্ঘেৰিটাৰ এজন ব্যৱসায়ী যুৱক দিচেন টিপমীয়াই বন্ধ সংস্কৃতিয়ে ৰাইজৰ সমর্থন পোৱাৰ পৰিৱর্তে ক্ষোভৰহে সৃষ্টি কৰে বুলি মত প্রকাশ কৰাৰ লগতে বি এছ এন এলৰ কর্মচাৰী বিকাশ বৰুৱাই সংগঠনসমূহৰ সাংগঠনিক ভেটি দুর্বল হোৱাৰ লগতে জনসমর্থন নথকা বাবেহে সহজ পন্থা হিচাপে বন্ধৰ আহবান কৰে বুলি মত প্রকাশ কৰে৷ লক্ষণীয়ভাৱে মার্ঘেৰিটাৰ একাংশ ব্যৱসায়ীৰ লগতে অট' চালকে আজি পুৱাৰ ভাগত দোদুল্যমান অৱস্থাত নিজৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল যদিও অপ্রীতিকৰ ঘটনাৰ আশংকাত ব্যৱসায়সমূহ নিজে নিজেই বন্ধ কৰি দিয়ে৷
     ( উৎস :: দৈনিক জনমভূমি)






Share on Google Plus

About Unknown

0 comments:

Post a Comment