অসমৰ বহু কেইজন স্বনামধন্য সাহিত্যিক - বুদ্ধিজীবিৰ লগত ব্যক্তিগত চিনাকি সূত্রেই হওক বা ফেচবুকৰ জৰিয়তেই হওক কথা কোৱাৰ সুযোগ হৈছে ! অসম আৰু অসমীয়াৰ প্রতিটো সমস্যা লৈ কোনোবা নহয় কোনোবাৰ লগত প্রতি দিনেই আলোচনা হয় !
গতানুগতিক ভাবে আজিও ৭ জনৰ লগত টেলিফোনিক বার্তালাপ হয় আৰু প্রতিজনেই বিভিন্ন সমস্যাৰ লগতে বঙ্গমূলীয় চৰ -চাপৰিৰ মানুহ খিনিৰ ভবিষ্যত সম্পর্কেও আলোচনা হয় !
" বঙ্গমূলীয় চৰ -চাপৰিৰ মানুহ খিনি এনেই ১০০ বছৰ তথাকথিত মূলসুঁতিৰ তুলনাত পিছপৰা তাৰোপৰি কিছু স্বার্থন্বেষী মানুহৰ কাৰণে আৰু ১০০ বছৰ পিছুৱাই দিয়াৰ ষড়যন্ত্র চলি আছে ! "
কথাষাৰ যদি ও মই বুজি পোৱাত কষ্ট হোৱা নাছিল তথাপি বিতং কৈ বুজাই দিবলৈ খাটনি ধৰাত -
"১০০+ বছৰ হল মানুহ খিনিয়ে নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমীয়া জাতীয় জীৱনৰ লগত মিলি গৈছে বা যাবলৈ চেষ্টা কৰি আছে , ইয়াৰ পোনপটীয়া অর্থ হল - এই মানুহ খিনি এতিয়া আৰু বঙালী হৈ থকা নাই ! এনেকি বহতকে পাইছো - বঙালী কব নোৱাৰে আৰু কলেও ৭০% অশুদ্ধ হয় ! অর্থাৎ এই মানুহ খিনিক কিছুমানে আকৌ বঙালী বনাব বিচাৰি আছে , ১০০+ বছৰ আগতে এৰি আহা স্থানৰ পৰা আৰম্ব কৰিব লৈ উচটাই আছে ! গতিকে এই মানুহ খিনি মুঠ ২০০ বছৰ পিছুৱাই যাব !"
গতিকে মই নিঃকিনৰ প্রত্যক্ষ মতামত - " আমাক মানি ললেও অসমীয়া আৰু মানি নললেও অসমীয়া ! অসম আৰু অসমীয়াৰ স্বাৰ্থত অনিল-মুজ্জামিল হোৱাত অকণো কুন্ঠাবোধ নকৰোঁ !"
=== মাইন্ উদ্দিন ===
=== মাইন্ উদ্দিন ===
0 comments:
Post a Comment