*** সম্পন্ন হ'ল ৰাজ্যৰ বিভিন্ন কোষাগাৰত থকা মুঠ ২০৩১টা গঁড়ৰ খড়্গৰ পৰীক্ষণ। আজি গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ১১৮টা খড়্গৰ পৰীক্ষণ সম্পন্ন। ইয়াৰে এটা নলবাৰীৰ কোষাগাৰত জমা থকা খড়্গ। সৰ্বমুঠ ১১টা গঁড়ৰ খড়্গত কাটি নিয়াৰ চিন প্ৰমাণিত হোৱাৰ বিপৰীতে পৰীক্ষা কৰিব পৰা নাই মুঠ ৭টা খড়্গ। চিৰিয়াখানাৰ পৰা জমা দিয়া সৰহসংখ্যক খড়্গতে পোৱা গৈছে কটা চিহ্ন। ফৰেনছিক পৰীক্ষা কৰিব লাগিব বৰপেটাৰ মুঠ ৮টা খড়্গ। ৪টা খড়্গ পৰীক্ষাৰ বাবে পঠিওৱা হ'ব দেৰাডুনলৈ।
––––––––––––––––
** বৰপেটা কোষাগাৰত থকা গঁড়ৰ খড়্গসমূহৰ অৱস্থা অতি শোচনীয়। উপযুক্তভাৱে সংৰক্ষণৰ অভাৱত বেয়া হৈছে বহু খড়্গ। পূৰ্বতে পৰীক্ষণৰ সময়ত নকল বুলি চিনাক্ত কৰিছিল ৫টা খড়্গ। ইফালে, আজিৰ খড়্গ পৰীক্ষাত তেজপুৰৰ ৩টা খড়্গ পৰীক্ষা কৰিব পৰা নগ'ল সংশ্লিষ্ট বিষয়া নথকাৰ বাবে।
––––––––––––
** সন্দিকৈ মহাবিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। আটাইকেইটা পদতে জয়ী আছুৰ সমৰ্থিত প্ৰাৰ্থী। সভাপতি পদত দীক্ষিতা চমুৱাই জয়লাভ কৰাৰ বিপৰীতে সাঃ সম্পাদিকা পদত জয়ী হয় গৌৰীশিখা বৰগোহাঁই। সেইদৰে সহঃ সাধাৰণ সম্পাদিকা পদত পল্লৱী কাজি, আলোচনী সম্পাদিকা পদত শতাব্দী দত্ত, সাংস্কৃতিক সম্পাদিকা পদত নীলাক্ষী ডেকা, ছাত্ৰী জিৰণী কোঠাৰ সম্পাদিকা ৰজিশ্মিতা বৰ্মন, ক্ৰীড়া বিভাগৰ সম্পাদিকা পদত বাৰ্বি শইকীয়া, সমাজসেৱা বিভাগত জুৰি দাস, আৰু তৰ্ক সম্পাদিকা পদত মানস য়ানী পাণ্ডাই জয়লাভ কৰে।
–––––––––––
** বোকাখাতত প্ৰতিবাদী কৃষকক নেতৃত্ব দিয়া দুজনক আটক। শুঁৰ পোকৰ অত্যাচাৰৰ পৰা কৃষকসকলক ৰেহাই দিবলৈ ৮ ছেপ্টেম্বৰৰ পৰা 'জীপাল'ৰ উদ্যোগত চলি আছিল অৱস্থান ধৰ্মঘট। ধৰ্মঘটস্থলীৰ পৰা জীপালৰ সদস্য সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলেক আটক কৰে আৰক্ষীয়ে। আজি আদালতত হাজিৰ কৰোৱা হয় জীপালৰ সদস্য দুজনক।
–––––––––––––
** পশ্চিম বংগ সীমান্তৰ ছাগলীয়াত বহু পৰিমাণৰ ফেঞ্চীডাইল জব্দ। আন্তঃৰাষ্ট্ৰীয়চক্ৰই নিতৌ নতুন নতুন কৌশলেৰে ছাগলীয়া গে'৸ট পাৰ কৰি এই ফেঞ্চীডাইলসমূহ অন্য ঠাইত বিক্ৰীৰ বাবে সৰবৰাহ কৰে। ছাগলীয়া আৰক্ষীৰ অভিযানত বৃহস্পতিবাৰে জব্দ হয় ফেঞ্চীডাইলসহ UP 83K 9302 নম্বৰৰ ট্ৰাকখন। জব্দ কৰা ফেঞ্চীডাইলখিনিৰ মূল্য প্ৰায় ২০ লাখ টকা।
––––––––––––––
** হাজোৰ বাৰাংহাটীত জঘন্য ঘটনা। দৌলপুখুৰী এম ই স্কুলত অষ্টম শ্ৰেণীৰএগৰাকী ছাত্ৰীক প্ৰধান শিক্ষকে নিৰ্যাতন চলোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। লম্পট শিক্ষকজনৰ নাম বিনোদ গোস্বামী। বিদ্যালয় চৌহদত স্থানীয় ৰাইজে শিক্ষকজনৰ প্ৰতিকৃতি দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে।
–––––––––––
** পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। DRDAক চামিল কৰা হ'ল জিলা পৰিষদত। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে জাৰি কৰিলে এই অধিসূচনা। বিলুপ্তি ঘটোৱা হ'ল DRDAৰ PD পদৰো। সকলো PDক ঘূৰাই অনা হ'ল কৰ্মচাৰী বিভাগলৈ। কৰ্মচাৰী বিভাগলৈ ঘূৰাই অনা PD কেইজন ক্ৰমে দেৱানন্দ দাস, দেৱেশ্বৰ বৰা, ভৱানী প্ৰসাদ শৰ্মা, দীপশিখা দে', এইচ পি বৰা, আৰ মালাকাৰ, বিভাস মেধি, প্ৰণৱ শৰ্মা আৰু অৰূপ শৰ্মা।
–––––––––
** গুৱাহাটীৰ ৰাজপথত দপদপকৈ জ্বলিল এখন স্কুল ভান। গণেশগুৰিত যান্ত্ৰিক বিজুতিৰ ফলত হঠাৎ জ্বলি উঠিল বাহনখন। অগ্নিদগ্ধ স্কুলভানৰ নম্বৰ AS14A 4264। স্কুলৰ পৰা শিক্ষাৰ্থীসকলক থৈ উভতি অহাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হয়।
–––––––––
**কোকৰাঝাৰৰ ছেৰফাংগুৰিৰ পৰা এজন ছাত্ৰ সন্ধানহীন। নিৰুদিষ্ট ছাত্ৰজনৰ নাম পিংকু বসুমতাৰী। পিংকু ছেৰফাংগুৰিৰ NRDS জুনিয়ৰ কলেজৰ শিক্ষাৰ্থী। বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন। বৰ্তমানলৈও সন্ধান উলিয়াব পৰা নাই পিংকু বসুমতাৰীৰ।
--------------
** বৈঠালাংছ'ত নিৰ্বাচনী ৰণশিঙা বজালে কংগ্ৰেছে। আজি ডংকামোকামত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন আদৰণী সভা। সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে ৰকিবুল হুছেইন, ডিফুৰ সাংসদ বীৰেনছিং ইংতি, খৰছিং ইংতি, বিদ্যাছিং ইংতি আৰু দুৰ্গা দাস বড়োৱে অংশ লয়। সভাত সদ্যপদত্যাগী বিধায়ক মানছিং ৰংপীক কঠোৰ সমালোচনা কৰে কংগ্ৰেছ নেতাসকলে।
––––––––––
Source:: NEWS18 অসম NORTH EASTৰ বাতৰি।

0 comments:
Post a Comment