অসমৰ জলপথ পৰিবহণৰ উন্নীতকৰণৰ বাবে বিশ্ব বেংকে ১,০০০ কোটি টকা দিব




নতুন দিল্লীত কেন্দ্রীয় পৰিবহণ মন্ত্রী নীতীন গাডকাৰীক সাক্ষাৎ কৰি পৰিবহণ মন্ত্রী কয়—“অসমৰ জলপথ পৰিবহণ ব্যৱস্থা উন্নীতকৰণৰ বাবে বিশ্ব বেংকে ১,০০০ কোটি টকাৰ অনুদান দিয়াৰ আশ্বাস দিছে। বৈঠকত ‘পথ নিৰাপত্তা’ বিষয়টােক বিশেষভাৱে গ্ৰহণ কৰা হৈছে। বিগত বৰ্ষত অসমত পথ দুর্ঘটনাত ২,১৫০গৰাকী লোকৰ মৃত্যু হৈছে। দুর্ঘটনা ৰােধৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাত একোখনকৈ ড্রাইভিং স্কুল খোলা হ’ব। তাতেই গাড়ীচালনাৰ প্রশিক্ষণ, অনুজ্ঞা-পত্ৰ প্রদানৰ ব্যৱস্থা কৰা হ’ব। বিশ্ব বেংকৰ ধনেৰে অসমৰ ফেৰীঘাটসমূহ উন্নতমানৰ কৰা হ’ব। বাংলাদেশৰ লগত ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ জলসংযোগ উন্নত কৰা হ’ব। বর্তমানৰ জোঁটবোৰৰ পুনৰ নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ এশ শতাংশই খৰচ কৰিব কেন্দ্ৰই।”


Share on Google Plus

About Unknown

0 comments:

Post a Comment