অসমৰ যুৱক অপূৰ্ব ডেকা নামৰ চি আৰ পি এফৰ ২০৫ নম্বৰ কোব্ৰা ইউনিটৰ কামাণ্ডো এজনৰ বিহাৰত মাওবাদীৰ আক্ৰমণত নিহত হৈছে ।বিহাৰৰ ঔৰাংগাবাদ জিলাৰ গাঞ্জৈ পাহাৰ অঞ্চলত নক্সাল বিৰোধী অভিযান চলাবলৈ যাওঁতে মাওবাদীয়ে আই ই ডি বিস্ফোৰণ ঘটোৱাত গুৰুতৰ ভাৱে আহত হৈ শেষ নিশ্বাস কৰে অপূৰ্বই। ক্ষেত্ৰী থানাৰ অন্তৰ্গত মালৈবাৰীৰ লক্ষীতাৰীৰ প্ৰয়াত অতুল ডেকা আৰু ভানু ডেকাৰ পুত্ৰ অপূৰ্বই বিগত ২০০৫ চনত চি আৰ পি এফত যোগদান কৰিছিল । মৃত্যুৰ সময়ত পত্নী তথা দুবছৰীয়া সন্তান এটি এৰি থৈ গৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment