তিনি জন ৰিক্সাচালে মদৰ নিচাতে কৰা কাজিয়াৰ পৰিণতিত এজনৰ মৃত্যু হোৱাৰ ঘটনা ঘটিছে বৰপেটাৰোডত। আজি সন্ধিয়া সাত মান বজাত বৰপেটাৰোডত ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা �গোৱৰ্ধনাৰ খুছৰাবাৰীৰ বলোৰাম বৰ্মন (৪৫), দৰংৰ মঙ্গলদৈৰ চপাইৰ অনিল নাথ(৩৫) আৰু আছু দাসে (৫০) সন্ধিয়া সাত মান বজাত অত্যাধিক চুলাই মদ খাই গাহৰি বজাৰত এক কাজিয়াত লিপ্ত হয়। ফলত বলোৰাম পকাত পৰি আঘাত প্ৰাপ্ত হয়। লগে লগে তেওঁক অনিল আৰু আছুৱে হস্পিতাললৈ ৰিক্সাৰে লৈ যায় যদিও চিকিৎসকে বলোৰামক মৃত ঘোষণা কৰে। আৰক্ষীয়ে ইতিমধ্যে অনিল নাথ আৰু আছু দাসক গ্ৰেপ্তাৰ কৰিছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment