'সোণোৱাল চৰকাৰক একমাত্র বিপদত পেলোৱাৰ বাবেই কাজিৰঙাত গড় হত্যাৰ এক গভীৰ ষড়যন্ত্ৰ চলিছে । কিন্তু কোনোক্ষেত্ৰত ৰাজ্য চৰকাৰে পিছ হুহুকি নাহে। আমি গড় হত্যা ৰোধ কৰাৰ বাবে সংকল্পবদ্ধ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।' এই মন্তব্য বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ।কালি আবেলি মানাহ ৰাষ্ট্রীয় উদ্যা�নত উপস্থিত হোৱা বন মন্ত্ৰী গৰাকীয়ে কয়-- মোৰ চমু কাৰ্যকালত দুটাকৈ গড় হত্যা কৰাত মৰ্মাহত হৈ পৰিছো। গড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে ব্যৱস্থা লোৱাৰ পিছতো কম দিনৰ ভিতৰতে দুটাকৈ গড় হেৰুৱাব লগা হোৱাত তেওঁ সংবাদ মেল যোগে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে । এইক্ষেত্ৰত দুখ প্ৰকাশ কৰি কয়-- চৰকাৰে যিমানেই গড় হত্যা ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সিমানেই ষড়যন্ত্ৰকাৰী সকলেও নতুন নতুন চক্ৰান্ত কৰিব ধৰিছে। এইক্ষেত্ৰত বন বিভাগ অধিক কঠোৰ হব আৰু প্ৰয়োজনত অধিক বন কৰ্মী নিয়োগ কৰিব। বিগত গগৈৰ পোন্ধৰ বছৰীয়া শাসন কালত বন মন্ত্ৰীয়ে এবাৰো মানাহত ভৰি নিদিয়াৰ বিপৰীতে কালি বন মন্ত্ৰী ব্ৰহ্মই মানাহত উপস্থিত হৈ মানাহৰ বিভিন্ন সমস্যা, বেদখল, চোৰাং বেহা,অধৈধ শিল বালি সংগ্ৰহ আদি বিভিন্ন বিষয়ৰ ওপৰত এক আলোচনাত মিলিত হয়। আলোচনাত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ প্ৰকল্প সঞ্চালক হিৰণ্য কুমাৰ শৰ্মা ,বাগছাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ,মথনগুৰী সমষ্টিৰ এম চি এল এ গৌতম দাস প্ৰমুখ্যে ভালে কেইজন বিশিষ্ট ব্যক্তি মিলিত হৈ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
Subscribe to:
Post Comments
(
Atom
)
প্ৰমীলা বাইদেউ কোনে কাক বিপদত পেলাইছে সেইবোৰ আমি সৰ্বসাধাৰণ ৰাইজে জানিবও নুখুজু, বুজিবও নুখুজু, আমি মাত্ৰ বিচাৰে অসমৰ ৰাজনীতিৰ দৰে কাজিৰঙাৰো পৰিৱৰ্তন,,, নতুন চৰকাৰৰ দিনত নতুনকৈ আৰু এটাও গঁড় নিধন নহওঁক তাৰেই কামনা কৰিছো৷
ReplyDelete