বৰপেটা সত্ৰত কীৰ্ত্তন মহোৎসৱ উপলক্ষে বাপুসকলৰ কৰভাৰ প্ৰদান::

শ্ৰীমন্ত শঙ্কৰদেৱৰ কীৰ্ত্তন মহোৎসৱ উপলক্ষে বৃন্দাবনহাটীৰ বাপু সকলে আজি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰে । বৰপেটা সত্ৰত পালিত শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱ আৰু মথুৰাদাস বুঢ়া আতাৰ কীৰ্ত্তনৰ ক্ৰমে বৃন্দাবনহাটী, দক্ষিণহাটী আৰু নহাটীৰ বাপুসকলে সত্ৰত কৰভাৰ শোধায় ৷ প্ৰথা মতে এই কৰভাৰত চাউল,ঔটেঙা,কাচকল, মিঠাতেল, তামোল-পান আদি দ্ৰব্য ভাৰ বান্ধি গায়ন বায়ন, ব্যাস কীৰ্ত্তনীয়া, নাম কীৰ্ত্তনীয়াই হৰি গুণ গাই সত্ৰীয়া সমন্বিতে শোভাযাত্ৰা কৰি সত্ৰত কৰভাৰ প্ৰদান কৰে ৷ সত্ৰৰ মঠৰ চোতালত এই শোভাযাত্ৰাৰ অন্ত পৰে ৷ পিছত কৰভাৰৰ দ্ৰব্যবোৰ সত্ৰৰ ভাগ অনুসৰি বৰা সকলে নিজ হাটীৰ লোক সকলৰ মাজত বিতৰণ কৰে ৷
(সংবাদ আৰু ফটো:: প্ৰিয়ৰঞ্জন দাস, বৰপেটা )
Share on Google Plus

About Unknown

0 comments:

Post a Comment